(অপডেট) কিস্তৱাৰত এনকাউণ্টাৰৰ পিছত নিহত এজন সন্ত্ৰাসবাদী, অব্যাহত আছে অভিযান
জম্মু, ২২ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ এটা দুৰ্গম অঞ্চলত দেওবাৰে নিৰাপত্তাৰক্ষীৰ অভিযানত এটা সন্ত্ৰাসবাদী নিহত হয়। বিষয়াসকলে জনোৱা মতে, চট্ৰু বেল্টৰ পাছেৰকুটৰ সাধাৰণ অঞ্চলৰ এটা বোকা ঘৰৰ ভিতৰত লুকাই থকা জৈছ-ই-মহম্মদৰ দুজন পা
अपडेट,किश्तवाड़ में मुठभेड़ के बाद 1 आतंकवादी मारा गया; ऑपरेशन जारी


জম্মু, ২২ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ এটা দুৰ্গম অঞ্চলত দেওবাৰে নিৰাপত্তাৰক্ষীৰ অভিযানত এটা সন্ত্ৰাসবাদী নিহত হয়।

বিষয়াসকলে জনোৱা মতে, চট্ৰু বেল্টৰ পাছেৰকুটৰ সাধাৰণ অঞ্চলৰ এটা বোকা ঘৰৰ ভিতৰত লুকাই থকা জৈছ-ই-মহম্মদৰ দুজন পাকিস্তানী সন্ত্ৰাসবাদীৰ বিষয়ে ৰাতিপুৱাই তথ্য লাভ কৰা হয়। ইয়াৰ পিছতে সেনা, আৰক্ষী, আৰু চি আৰ পি এফৰ যৌথ দলে অনুসন্ধান অভিযান আৰম্ভ কৰে। সন্ত্ৰাসবাদীয়ে ওচৰ চাপি অহা জোৱানসকলৰ ওপৰত গুলীচালনা কৰি পুৱা প্ৰায় ১০:৩০ বজাত এনকাউণ্টাৰৰ সূচনা কৰে। বিষয়াসকলে জনোৱা মতে, চলি থকা অভিযানত এতিয়ালৈকে এজন সন্ত্ৰাসবাদী নিহত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande