
মুম্বাই, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ পাৱাৰৰ দেওবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পিছত তেওঁক পুনেৰ ৰুবী হল ক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হয়। আগন্তুক দুদিন চিকিৎসালয়ত থাকিব শাৰদ পাৱাৰ।
ৰুবী হল ক্লিনিক হাস্পতালৰ চিকিৎসকগৰাকীয়ে উল্লেখ কৰে যে বমিৰ বাবে শাৰদ পাৱাৰ পানীলগা হৈছে। সেয়ে অহা দুদিন চিকিৎসাৰ বাবে চিকিৎসালয়তে থাকিব। শাৰদ পাৱাৰৰ স্বাস্থ্য এতিয়া সম্পূৰ্ণ সুস্থিৰ আৰু সুস্থ।
শৰদ পাৱাৰৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেই উল্লেখ কৰে যে শৰদ পাৱাৰৰ আজি হঠাতে বমি হয়, যাৰ ফলত তেওঁৰ অসুস্থ অনুভৱ হয়। ইয়াৰ পিছতে ৰুবী হল ক্লিনিকৰ চিকিৎসকক লগে লগে মাতি অনা হয়। চিকিৎসকৰ পৰামৰ্শ মতে শৰদ পাৱাৰক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সুপ্ৰিয়া চুলেই দলীয় কৰ্মীসকলক চিকিৎসালয়লৈ নাযাবলৈ আহ্বান জনাইছে।
শেহতীয়াকৈ শৰদ পাৱাৰক ৰুবী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ১৪ ফেব্ৰুৱাৰীত এই একেখন চিকিৎসালয়ৰ পৰাই শাৰদ পাৱাৰক ঘৰলৈ যাবলৈ দিয়া হৈছিল। চিকিৎসালয়ত তেওঁৰ চিটি স্কেন আৰু অন্যান্য প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰা হয়। চিকিৎসকে শৰদ পাৱাৰক জিৰণি ল’বলৈ পৰামৰ্শ দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া