গুৰদাসপুৰৰ এটা চেকপইণ্টত নিয়োজিত আৰক্ষী বিষয়াই ইজনে সিজনক গুলীয়াই হত্যা
চণ্ডীগড়, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত-পাকিস্তান সীমান্তৰ পঞ্জাৱৰ গুৰদাসপুৰত যোৱা নিশা দুজন আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ ৰক্তাক্ত সংঘাতলৈ পৰিণত হয়। দুয়োজন বিষয়াই ইজনে সিজনক গুলীয়াই হত্যা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী বিভাগৰ ভিতৰতে ব্যাপক চৰ্চা লাভ কৰিছ
भारत पाक सीमा से सटे गांव आदिया में पुलिस कर्मियाें की माैत की जांच करती पुलिस


চণ্ডীগড়, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত-পাকিস্তান সীমান্তৰ পঞ্জাৱৰ গুৰদাসপুৰত যোৱা নিশা দুজন আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ ৰক্তাক্ত সংঘাতলৈ পৰিণত হয়। দুয়োজন বিষয়াই ইজনে সিজনক গুলীয়াই হত্যা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী বিভাগৰ ভিতৰতে ব্যাপক চৰ্চা লাভ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ মতে, অশোক কুমাৰ আৰু গুৰনাম সিং ভাৰত-পাকিস্তান সীমান্তৰ গাতে লাগি থকা দোৰাংগালা থানা এলেকাৰ আদিয়ান গাঁৱৰ এটা চেকপইণ্টত নিয়োজিত হৈ আছিল। কাজিয়াত লিপ্ত হৈ গুলীচালনা কৰে। বন্দুকৰ গুলী শুনি গাঁৱৰ মানুহ আৰু পথচাৰী গোট খাই আৰক্ষীক সতৰ্ক কৰি দিয়ে। ষ্টেচন ইনচাৰ্জ, ডি এছ পি, এছ এছ পিকে ধৰি কেইবাজনো বিষয়া উপস্থিত হয়।

তেওঁলোকৰ মৃত্যুৰ সঠিক কাৰণ আৰু সংঘৰ্ষৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়েও এই সন্দৰ্ভত গাঁওবাসীক জেৰা অব্যাহত ৰাখিছে। দুয়োজন আৰক্ষীৰ মৃতদেহ জিম্মাত লৈ অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande