
বৰপেটা ২২ ফেব্ৰুৱাৰী (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইক্ষেত্ৰত স্বামীৰ বিৰুদ্ধে পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা কালি শনিবাৰে বিয়লি এই ঘটনা সংঘটিত হয়। পত্নীক হত্যা কৰি চিকিৎসালয়ত মৃত্যু হোৱা বুলি আভুৱাভাৰাৰ অভিযোগ উঠিছে।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰিত পত্নী হত্যাৰ অভিযোগ উত্থাপিত হৈছে স্বামী আৰু স্বামী পৰিয়ালৰ পৰিয়ালৰ বিৰুদ্ধে । কলগাছিয়াৰ আমগুৰিৰ পাহাৰ খাৰ পুত্ৰ দাৰোগ আলি নামৰ যুৱক জনে নিজৰ পত্নী তাৰাভানুক হত্যা কৰাৰ অভিযোগ উঠিছে। ইফালে স্বামীয়ে পত্নীৰ লগত কাজিয়া আৰু মাৰপিট কৰাৰ কথা স্বীকাৰ কৰে। তাৰাভানুৰ পিতৃৰ পৰিয়ালে কলগাছিয়া থানাত এজাহাৰ দাখিল কৰিছে। আচামী দাৰোগ আলীক কৰায়ত্ব বৰপেটা লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ