মৈৰাবাৰীৰ অৱাহক আজমল হস্পিতালত উত্তপ্ত পৰিস্থিতি
মৈৰাবাৰীৰ অৱাহক আজমল হস্পিতালত উত্তপ্ত পৰিস্থিতি।
মৈৰাবাৰীৰ অৱাহক আজমল হস্পিতালত উত্তপ্ত পৰিস্থিতি


মৰিগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.): মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ অৱাহক আজমল হস্পিতালত যোৱা কালি শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মৈৰাবাৰীৰ নিজধিং আজমল নাৰ্ছিং হোমত এক চুৰি কাণ্ডক লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি।

হস্পিতাল খনৰ দুজন কৰ্মচাৰীৰ মাজত হয় খণ্ডযুদ্ধ । আব্দুল ছালাম নামৰ মহৰী গৰাকীয়ে হস্পিতাল খনৰ সুৰক্ষাকৰ্মী আমিৰুল ইছলামক মিছাকৈ চুৰিৰ অভিযোগত মাৰপিট কৰি গুৰুতৰ ভাৱে আহত কৰে । ইয়াকে লৈ হাস্পাতালখনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande