কিস্তৱাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত দুজন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত
জম্মু, ২২ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ এটা দুৰ্গম অঞ্চলত দেওবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত পাকিস্তানী জৈছ-ই-মহম্মদৰ (জেম)ৰ দুজন সন্ত্ৰাসবাদী নিহত হয়। সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পে জনোৱা মতে, চাট্ৰু বেল্টৰ পাছাৰকুটৰ স
किश्तवाड़ में सुरक्षा बलों के साथ मुठभेड़ में जैश-ए-मोहम्मद के दो आतंकवादी मारे गए


জম্মু, ২২ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ এটা দুৰ্গম অঞ্চলত দেওবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত পাকিস্তানী জৈছ-ই-মহম্মদৰ (জেম)ৰ দুজন সন্ত্ৰাসবাদী নিহত হয়।

সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পে জনোৱা মতে, চাট্ৰু বেল্টৰ পাছাৰকুটৰ সাধাৰণ অঞ্চলত ‘ট্ৰাছি-আই’ অভিযানৰ সময়ত সন্ত্ৰাসবাদী দুজনক নিহত কৰা হয় আৰু তেওঁলোকৰ পৰা দুটা এ কে-৪৭ ৰাইফলকে ধৰি অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। সেনাই জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ১১ বজাত কাউণ্টাৰ ইনটেলিজেন্স ফৰ্চ (চিআইএফ) ডেল্টাৰ সৈন্যই আৰক্ষী আৰু চিআৰপিএফৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে প্ৰত্যাহ্বানমূলক ভূখণ্ডত সন্ত্ৰাসবাদীক ঘেৰি ধৰে। সেনাই কয় যে কৌশলগত নিখুঁততা, প্ৰবৃত্তিগত সমন্বয় আৰু দৃঢ় আগ্ৰাসন প্ৰদৰ্শন কৰি সৈন্যই এনকাউণ্টাৰ স্থানটোক আগুৰি ধৰি সন্ত্ৰাসবাদী দুজনক সফলতাৰে ধৰাশায়ী কৰে ।

প্ৰাথমিক তথ্যৰ উদ্ধৃতি দি বিষয়াসকলে কয় যে নিহত সন্ত্ৰাসবাদী দুজন পাকিস্তানী নাগৰিক আৰু নিষিদ্ধ জৈছ-ই-মহম্মদৰ সদস্য। পাহাৰৰ তলত থকা এটা বোকা ঘৰৰ ভিতৰত লুকাই থকা অৱস্থাত উদ্ধাৰ কৰি অনুসন্ধানকাৰী দলৰ ওপৰত গুলীচালনা কৰি তীব্ৰ বন্দুকৰ সংঘৰ্ষৰ সূচনা কৰে। বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত তালাচী অভিযান এতিয়াও অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande