
ৱাশ্বিংটন, ২২ ফেব্ৰুৱাৰী (হি.স.)। ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ কেপিটেলত সংঘটিত আক্ৰমণৰ ৰাজনৈতিক আৰু আইনী পৰিণতিৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ব্যক্তিগত আৰু কেইবাটাও ব্যৱসায়িক বেংক একাউণ্ট বন্ধ কৰি দিয়াৰ কথা প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে জে পি মৰ্গন বেংক অৱ আমেৰিকাই। এই আইনী যুদ্ধত এইটোৱেই আটাইতকৈ উল্লেখযোগ্য স্বীকাৰোক্তি।
আমেৰিকাৰ নিউজ চেনেল চিএনবিচিৰ এক প্ৰতিবেদন অনুসৰি এই কথা প্ৰকাশ পাইছে এই সপ্তাহত বেংকটো আৰু ইয়াৰ চিইঅ’ জেমী ডিমনৰ বিৰুদ্ধে ট্ৰাম্পে দাখিল কৰা শপতনামাত। ৰাজনৈতিক কাৰণত তেওঁৰ একাউণ্ট বন্ধ হোৱা বুলি অভিযোগ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে ৫ বিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৫,৩৬৩.৪৩ কোটি টকা)ৰ বাবে বেংকটোৰ বিৰুদ্ধে গোচৰ তৰিছে।
জে পি মৰ্গন বেংকৰ প্ৰাক্তন মুখ্য প্ৰশাসনিক বিষয়া ডেন উইলকেনিঙে শপতনামাত লিখিছে, “২০২১ চনৰ ফেব্ৰুৱাৰী মাহত জে পি মৰ্গানে বাদীক জনাইছিল যে জে পি মৰ্গনৰ চি বি আৰু পি বিত থকা কিছুমান একাউণ্ট বন্ধ কৰা হ’ব।”
মন কৰিবলগীয়া যে পিবি আৰু চিবিয়ে জেপিমৰ্গানৰ প্ৰাইভেট বেংক আৰু কমাৰ্চিয়েল বেংকৰ অৰ্থ বহন কৰে। জে পি মৰ্গানে ৰাষ্ট্ৰপতিৰ একাউণ্ট বন্ধ কৰা বুলি পূৰ্বে কেতিয়াও স্বীকাৰ কৰা নাছিল।
ট্ৰাম্পে প্ৰথমে ফ্ল’ৰিডা ৰাজ্যৰ আদালতত জে পি মৰ্গনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বেংকটোৱে আদালতক এই গোচৰটো নিউয়ৰ্কলৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাইছে। ট্ৰাম্পে বেংকটোৰ বিৰুদ্ধে বাণিজ্যিক মানহানিৰ অভিযোগ উত্থাপন কৰিছে। ট্ৰাম্পৰ অধিবক্তাই অভিযোগ কৰিছে যে জে পি মৰ্গানে ৰাষ্ট্ৰপতি আৰু তেওঁৰ কোম্পানীসমূহক ব্লেকলিষ্ট কৰিছিল। অধিবক্তাসকলে এক বিবৃতিত কয় যে গুৰুত্বপূৰ্ণ কথাটো হ’ল বেংকটোৱে অবৈধভাৱে আৰু ইচ্ছাকৃতভাৱে একাউণ্ট বন্ধ কৰা বুলি স্বীকাৰ কৰিছে। ট্ৰাম্প অৰ্গেনাইজেশ্যনে ২০২৫ চনৰ মাৰ্চ মাহত ক্ৰেডিট কাৰ্ড কোম্পানী কেপিটেল ৱানৰ বিৰুদ্ধে একেধৰণৰ কাৰণ আৰু অভিযোগৰ বিৰুদ্ধে মামলা কৰিছিল। এই গোচৰটো এতিয়াও নিষ্পত্তি হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া