
মৰিগাও, ২২ ফেব্ৰুৱাৰী (হি.স.)। জাগীৰোডৰ ছগ্ৰাচালত তিনিদিনীয়াকৈ আয়োজন কৰা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক জনজাতি সাংস্কৃতিক সমাৰোহৰ আজি তৃতীয় তথা অন্তিম দিন ৷ প্ৰাকৃতিক পৰিৱেশৰ মাজত আয়োজন কৰা সমাৰোহৰ অন্তিম দিনাও উদুলিমুদুলি পৰিৱেশ ৷
অন্তিম দিনা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে কাৰ্বি স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলায়ে ৷ বিভিন্ন জাতিৰ বাৰেৰহণীয়া সংস্কৃতিক শোভাযাত্ৰাত সংবিধান স্বীকৃতিপ্ৰাপ্ত মুঠ ১৪ টা জনগোষ্ঠীৰ দলে অংশগ্ৰহণ কৰে ৷ সাংস্কৃতিক শোভাযাত্ৰাত উদ্ভাসিত হ’য় অসমৰ সকলো জাতি-জনগোষ্ঠীৰ পৰম্পৰা, কলা, কৃষ্টি আৰু সংস্কৃতি ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা