
কামৰূপ, ২২ ফেব্ৰুৱাৰী (হি.স.): কামৰূপ জিলাৰ নগৰবেৰাৰ মালঞ্চাত তিনিটাকৈ বাঘে মুক্ত বিচৰণ কৰাত স্থানীয় লোকসকলে ভয় আৰু আতংকত দিন কটাব লগীয়া হৈছে। ইয়াৰ পাছতো সমগ্ৰ ঘটনাটোত বন বিভাগে নীৰৱ ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।
মালচা সত্ৰৰ কাষতে থকা ঘন জংঘলৰপৰা হঠাতে ওলাই অহা বাঘে মুক্ত বিচৰণ কৰাৰ দৃশ্য ব্যাপকভাৱে ভাইৰেল হোৱাত কাষৰীয়া পৰিয়ালসমূহে নিশা ভয়তে ঘৰৰ দুৱাৰ বন্ধ কৰি থাকিব লগীয়া হৈছে । পথাৰত এৰাল দিয়া গৰু, ছাগলী, গাহৰিও আনিবলৈ সাহস গোটাব পৰা নাই স্থানীয় লোকে। ইমানৰ পিছতো বন বিভাগে বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱাত ক্ষোভ ব্যক্ত কৰিছে একাংশ লোকে। ভয় আৰু আতংকত থকা লোকসকলক ন্যূনতম আশ্বস্ত কৰিব পৰা নাই বন বিভাগে । বাঘৰ উপস্থিতিতি নিশ্চিত কৰি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ