সাপেখাতীৰ ১ নং ৰহন পথাৰ গাঁৱত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী
সাপেখাতীৰ ১ নং ৰহন পথাৰ গাওঁত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী ৷
সাপেখাতীৰ ১ নং ৰহন পথাৰ গাঁৱত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী


চৰাইদেউ, ২২ ফেব্ৰুৱাৰী (হি.স.): চৰাইদেউ জিলাৰ সাপেখাতীৰ ১ নং ৰহন পথাৰ গাওঁ খনত পিঞ্জৰাৱদ্ধ হৈছে এটা নাহৰফুটুকী ৷ বন বিভাগে স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাৱদ্ধ হয় নাহৰফুটুকীটো ৷

কেইটামান দিনৰ পূৰ্বে উক্ত স্থানতে এজন ব্যক্তিক এটি নাহৰফুটুকীয়ে আক্ৰমণ কৰাৰ লগতে অঞ্চলটোত গৰু ছাগলী নিধন কৰি চলাই আহিছিল সন্ত্ৰাস ৷ ইফালে পিঞ্জৰাৱদ্ধ নাহৰফুটুকীটো চাবলৈ ভিৰ কৰিছেহি অগনন ৰাইজে৷ ঘটনাস্থলীত বন বিভাগৰ এটি দ'ল উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটো ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande