বাক্সাৰ নাহৰবাৰীত এটি দুষ্প্ৰাপ্য লতামেকুৰী বাঘ উদ্ধাৰ
বাক্সাৰ নাহৰবাৰীত এটি দুষ্প্ৰাপ্য লতামেকুৰী বাঘ উদ্ধাৰ।
বাক্সাৰ নাহৰবাৰীত এটি দুষ্প্ৰাপ্য লতামেকুৰী বাঘ উদ্ধাৰ


বাক্সা, ২২ ফেব্ৰুৱাৰী (হি.স.): বাক্সাৰ নাহৰবাৰীত যোৱা কালি শনিবাৰে নিশা এটি দুষ্প্ৰাপ্য লতামেকুৰী বাঘ উদ্ধাৰ কৰা হয় । পথৰ দাঁতিৰ জংঘলৰ মাজত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য বাঘটো।

পথেৰে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে বাটৰুৱাই। ইয়াৰ পিছতে খবৰ দিয়ে স্থানীয় আৰক্ষী আৰু বন বিভাগৰ লোকক। ঘটনাস্থলীত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি পৰবৰ্তী সময়ত বাতাবাৰী ৰেঞ্জলৈ লৈ যায়।

স্থানীয় সূত্ৰে জানিব পৰা মতে দীৰ্ঘদিন ধৰি এই অঞ্চলটোত হাঁহ, কুকুৰা নিধন কৰি আহিছিল এই বাঘটোৱে। বাঘ উদ্ধাৰৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande