
দৰং, ২২ ফেব্ৰুৱাৰী (হি.স.)। কলাইগাওত -নিঃশেষ হোৱাৰ পথত এটা দুৰ্ভগীয়া পৰিয়াল । কলাইগাওৰ নিকটৱৰ্তী দৰং জিলাৰ চৌধুৰীপাৰা গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল নিঃশেষ হোৱাৰ পথত। ইটোৰ পিছত সিটো পৰিয়ালৰ সদস্যৰ মৃত্যুই জুৰুলা কৰি তুলিছে পৰিয়ালটোক। একমাত্ৰ ভৰসা পুত্ৰ সন্তানটোৰ ছমাহ পূৰ্বে মৃত্যু হয়।
কলাইগাওৰ নিকটৱৰ্তী দৰঙৰ চৌধুৰীপাৰাৰ উক্ত পৰিয়ালটোত বৰ্তমান আছে ৰুগীয়া পিতৃ মণিৰাম বৰুৱা আৰু বৃক্ক ৰোগত আক্ৰান্ত তৰালী বৰুৱা নামৰ ছোৱালী জনী। দৰঙৰ দেওমৰনৈ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সন্মাষিকৰ ছাত্ৰী তৰালীয়ে পঢ়াৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিস্থানত কাম কৰি আছিল। এমাহ পূৰ্বে ধৰা পৰিল তৰালীৰ বৃক্ক ৰোগ।
বৰ্তমান দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰা অৱস্থা। চিকিৎসা কেনেকৈ কৰিব সেই লৈ দু চিন্তাত পৰিছে পৰিয়ালৰ লগতে স্থানীয় লোক।
সকলোৱে কাতৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীলৈ। এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ ভৰসা তৰালীৰ চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তুলিবলৈ।
লগতে কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে নম্বৰ ৬০০৩৭০৮৪০৭(তৰালী বৰুৱা)ত যোগাযোগ কৰিব পাৰিব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু