ভূমিপট্টা প্ৰদানক লৈ উৎফুল্লিত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ বাসিন্দা
১৯৭৩চনতেই বসতি স্থাপন কৰা এই ৰাইজ সকল চিৰ কৃতজ্ঞ ডিমৌ সমষ্টিৰ বিধায়কৰ লগতে মুখ্যমন্ত্ৰী ওচৰত
ভূমিপট্টা প্ৰদানক লৈ উৎফুল্লিত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ বাসিন্দা


শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগমৰ স্থানীয় বাসিন্দা সকল এতিয়া উৎফুল্লিত হৈ পৰিছে ৷ ২৪৭টাকৈ পৰিয়ালে লাভ কৰিব ভূমি পট্টা৷ ২,৫৬৯বিঘা ভূমি পট্টা লাভ কৰিব ভাধৰা কৃষিপাম নিগমৰ স্থানীয় বাসিন্দাই৷

উল্লেখ্য যে ১৯৭৩ চনত শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰয়াত প্ৰমোদ গগৈৰ দিনত ২,৫৬৯ বিঘা ভূমিত স্থাপন হৈছিল শিৱসাগৰ ভাধৰা কৃষিপাম নিগম৷ প্ৰায় ২০২১চনত বন্ধ হৈ পৰে এই কৃষি পাম নিগম, ইয়াৰ পিছতেই ছন পৰি ৰয় ২,৫৬৯বিঘা কৃষি ভূমি৷ এতিয়া যেন আশাাৰ ৰেঙণি ঘূৰি আহিছে শিৱসাগৰ ভাধৰা কৃষিপাম নিগমৰ ৰাইজলৈ৷ উৎফুল্লিত হৈ পৰিছে শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগমৰ ৰাইজ৷

সমষ্টিৰ পুনৰনিৰ্ধাৰণ পিছতেই শিৱসাগৰ সমষ্টিৰ পৰা ডিমৌ সমষ্টিত অন্তভুক্ত হৈছিল শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগম৷ ইয়াৰ পিছতেই ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক আবেদন কৰিছিল ভূমিপট্টা প্ৰদানৰ বাবে, লগতে বিধায়ক সুশান্ত বৰগোহাঁইয়ে ৰাইজক প্ৰতিশ্ৰুতি দিছিল ভূমি পট্টা লাভ কৰিব বুলি৷ আৰু সেই আবেদন, প্ৰতিশ্ৰুতি বিধায়ক সুশান্ত বৰগোহাঁইয়ে পূৰণ কৰাক লৈ উৎফুল্লিত শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগমৰ স্থানীয় ৰাইজ৷

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক সুশান্ত বৰগোহাঁইক ধন্যবাদ জ্ঞাপন কৰিলে শিৱসাগৰ ভাধৰা কৃষিপাম নিগমৰ ৰাইজে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande