কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ সপোন জাগাৰাৰ ১৫ গৰাকীকৈ উদ্যমী লোকৰ
কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ সপোন দেখিছে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জাগাৰাৰ ১৫ গৰাকীকৈ উদ্যমী লোকে।
কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ সপোন জাগাৰাৰ ১৫ গৰাকীকৈ উদ্যমী লোকৰ


নলবাৰী, ২২ ফেব্ৰুৱাৰী (হি.স.): কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ সপোন দেখা এদল পুৰুষ-মহিলাৰ প্ৰশংসনীয় পদক্ষেপে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৩০(২) নং দক্ষিণ পকোৱা প্রাইমাৰী এগ্রিকালচাৰ ক্রেডিট কোঃ অপাৰেটিভ চোছাইটি লিমিটেডৰ উদ্যোগত ৪ বিঘা কৃষি ভূমি সামৰি উন্নত মানৰ আলুখেতিৰে স্বাৱলম্বিতাৰ সপোন লৈ কৰা আলু খেতিডৰা সেউজীয়া দলিচাসদৃশ হৈ পৰিছে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ পশ্চিম জাগাৰা কলেজ ৰোডৰ দাঁতিকাষৰীয়া ভূমিত স্থানীয় উদ্যমী যুৱক অজিত কুমাৰ বৈশ্যৰ নেতৃত্বত প্ৰমোদ ডেকা, ৰফিকুল ইছলাম, সাবিত্ৰী তালুকদাৰ, দ্বিজেন তালুকদাৰ, জয়ন্ত কুমাৰ ডেকা, ভাস্কৰ ডেকা, তুফাইল আহমেদ, ৰবীন তালুকদাৰ, অখিল ডেকা, জুমি বৈশ্য, পিংকি মণি ডেকা, জয়ন্ত তালুকদাৰ, ৰেণু তালুকদাৰক লৈ পোন্ধৰজনীয়া সদস্যৰে গঠিত হোৱা সমিতিখনে ৪ বিঘাৰ আলু খেতি আৰম্ভ কৰিছে। এই বৰ্ষৰ ১২ জানুৱাৰীত ৰোপণ কৰা খেতিডৰাৰ সেউজীয়া দলিচাসদৃশ চালে চকুৰোৱা এই নান্দনিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। এইক্ষেত্ৰত কৃষি বিভাগৰ পৰা সহায় সহযোগিতা কামনা কৰিছে সমিতিখনৰ সভাপতি অজিত বৈশ্যৰ লগতে সদস্য-সদস্যাসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande