বৰমাত শোকাৱহ পথ দুৰ্ঘটনা
বৰমাত শোকাৱহ পথ দুৰ্ঘটনা।
বৰমাত শোকাৱহ পথ দুৰ্ঘটনা


বাক্সা, ২২ ফেব্ৰুৱাৰী (হি.স.): বাক্সাৰ বৰমাত যোৱা কালি শনিবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ।অচিনাক্ত বাহনে মহতিয়ালে বাইক আৰোহীক। ইয়াৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুমুখত পৰে বাইক আৰোহী ব্যৱসায়ী ৰঞ্জিত বৰঠাকুৰ নামৰ লোকজনৰ।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এএছ ১৪ ইউ ৫১৪৮ বুলি জানিব পৰা গৈছে। মৃত ব্যৱসায়ী গৰাকীৰ ঘৰ বৰমা বজাৰখলাত । ব্যৱসায়ী গৰাকীৰ মৃত্যুত বৰমাত গভীৰ শোকৰ ছাঁ পৰিছে । ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande