কংগ্ৰেছৰ আভ্যন্তৰীণ বিবাদ সমাধানৰ বাবে প্ৰিয়ংকা গান্ধীয়ে পুৱতি নিশা ৩ বজালৈকে উজাগৰে থাকিবলগীয়া হৈছিলঃ মুখ্যমন্ত্ৰী হিমন্ত
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই দলটোৰ ভিতৰত গোষ্ঠীবাদৰ অগনি গভীৰ হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ সমাধানৰ বাবে জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পুৱতি নিশা ৩ বজালৈকে
संवाददाताओं से बातचीत करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই দলটোৰ ভিতৰত গোষ্ঠীবাদৰ অগনি গভীৰ হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ সমাধানৰ বাবে জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পুৱতি নিশা ৩ বজালৈকে উজাগৰে থাকিবলগীয়া হয় বুলি মন্তব্য কৰে।

বিজেপিৰ ৰাজ্যিক সদৰত অনুষ্ঠিত নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত সমাধানৰ বাবে প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহিবলগীয়া হোৱাত তেওঁ দুখী। তেওঁ দাবী কৰে যে সংখ্যালঘু প্ৰধান কিছু আসনক লৈ বিৰোধী দলৰ মাজত বিবাদ হৈছিল, যিটো অত্যন্ত দুৰ্ভাগ্যজনক।

মুখ্যমন্ত্রীয়ে লগতে অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ একমাত্ৰ কাম হৈৰছে ষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক লজ্জিত কৰা। এআই সন্মিলনত বিতৰ্কিত প্ৰতিবাদৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে ৰাহুল গান্ধীৰ নিৰ্দেশত সংঘটিত কৰা এক নিন্দনীয় কাৰ্য্য।

ইফালে আগন্তুক নিৰ্বাচন সন্দৰ্ভত উজনি অসমত আসনক লৈ বিৰোধী দলৰ মাজত কোনো সংঘাত নাই বুলি স্পষ্ট কৰি দিয়ে আৰু এই বিবাদ নিৰ্দিষ্ট এলেকাত সীমাবদ্ধ। বিজেপিৰ নিৰ্বাচন পৰিচালনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত আগন্তুক নিৰ্বাচনী কৌশল সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande