আজি প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ–উদ্বোধন কৰিব দিল্লী-মীৰুট নমো ভাৰত কৰিডৰ আৰু মেৰঠ মেট্ৰ’
নতুন দিল্লী, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মেৰঠ ভ্ৰমণ কৰিব । তেওঁ মেৰঠত প্ৰায় ১২,৯৩০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ ভাৰতৰ প্ৰথম নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी के आज के कार्यक्रम को अपने एक्स हैंडल पर साझा किया है।


নতুন দিল্লী, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মেৰঠ ভ্ৰমণ কৰিব । তেওঁ মেৰঠত প্ৰায় ১২,৯৩০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ ভাৰতৰ প্ৰথম নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ)ৰ সম্পূৰ্ণ হোৱা দিল্লী-মেৰঠ কৰিড’ৰ দেশৰ বাবে উৎসৰ্গা কৰাৰ লগতে মেৰঠ মেট্ৰ’ সেৱাও মুকলি কৰিব। এই তথ্য অনুষ্ঠানৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰে। ভাৰতীয় জনতা পাৰ্টিয়েও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই অনুষ্ঠান সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰে।

প্রধানমন্ত্রীৰ কার্যালয়ৰ তথ্য অনুসৰি প্রধানমন্ত্রী মোদীয়ে দিনৰ প্রায় ১২:৩০ বজাত শতাব্দী নগৰ নমো ভাৰত ষ্টেচনৰ পৰা মেৰঠ মেট্ৰ’ আৰু নমো ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব ৷ ইয়াৰ পাছতে তেওঁ মেট্ৰ’ৰে মেৰঠ দক্ষিণ ষ্টেচনলৈ যাত্ৰা কৰিব। দিনৰ প্ৰায় ১ বজাত তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ অন্তত এখন ৰাজহুৱা সভাত ভাষণ দিব।

খবৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে ৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমগ্ৰ দিল্লী-মেৰঠ নমো ভাৰত কৰিড’ৰ দেশৰ বাবে উৎসৰ্গা কৰিব। ভাৰতৰ প্ৰথমটো নমো ভাৰত আৰ আৰ টি এছৰ বাকী অংশ উদ্বোধন কৰা হ’ব, য’ত শৰাই কালে খানৰ পৰা দিল্লীৰ নিউ অশোক নগৰলৈকে পাঁচ কিলোমিটাৰ দৈৰ্ঘ্য আৰু উত্তৰ প্ৰদেশৰ মেৰঠ দক্ষিণৰ পৰা মোডীপুৰমলৈকে ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশসমূহ উদ্বোধন কৰা হ’ব। প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ ডিজাইন গতিৰে নমো ভাৰত দেশৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট ব্যৱস্থা।

ইয়াৰ জৰিয়তে দিল্লীৰ পৰা চাহিবাবাদ, গাজিয়াবাদ, মডিনগৰ, আৰু মেৰঠ ৰ দৰে প্ৰধান নগৰ কেন্দ্ৰসমূহলৈ দ্ৰুতবেগী সংযোগ প্ৰদান কৰা হ’ব। শৰাই কালে খান ষ্টেচনক হজৰত নিজামুদ্দিন ৰেলৱে ষ্টেচন, দিল্লী মেট্ৰ’ৰ পিংক লাইন, বীৰ হাকিকাত ৰায় আই এছ বি টি, আৰু ৰিং ৰোডৰ সৈতে সংযোগ কৰি এটা প্ৰধান মাল্টি-ম’ডাল হাব হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও এই উপলক্ষে মীৰুটৰ শতাব্দী নগৰ, বেগমপুল আৰু মোডীপুৰম ষ্টেচনসমূহো উদ্বোধন কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে নমো ভাৰতৰ দৰে একে আন্তঃগাঁথনিৰে চলাচল কৰিব পৰা মেৰঠ দক্ষিণ আৰু মোডীপুৰমৰ মাজত মীৰুট মেট্ৰ’ সেৱাও উদ্বোধন কৰিব। প্ৰতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ সৰ্বোচ্চ পৰিচালনা গতিৰে মেৰঠ মেট্ৰ’ দেশৰ আটাইতকৈ দ্ৰুততম মেট্ৰ’ ব্যৱস্থা হ’ব, যিয়ে নিৰ্ধাৰিত ষ্টপৰ সৈতে প্ৰায় ৩০ মিনিটত সমগ্ৰ পথটো সামৰি ল’ব। নমো ভাৰত আৰু মেৰঠ মেট্ৰ’ৰ সংহত পৰিচালনাই দেশৰ নগৰীয়া আৰু আঞ্চলিক পৰিবহণৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব। ইয়াৰ ফলত পথৰ যান-জঁট হ্ৰাস পাব আৰু কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন যথেষ্ট হ্ৰাস পাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande