
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্রিয় আনাতাৰ অনুষ্ঠান মন কি বাতৰ ১৩১ সংখ্যক খণ্ডটো আজি দেশৰ ৰাইজে শ্রৱণ কৰে। গুৱাহাটী মহানগৰ জিলাৰ ৰাজধানী মণ্ডলৰ ১৮৭ নং বুথৰ অন্তৰ্গত ভাৰতীয় জনতা পার্টিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত দলৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৩ শতাধিক দলীয় কার্যকৰ্তাৰ উপস্থিতিত মন কি বাত শ্রৱণ কৰে।
বুথ সভাপতি পুলিন চন্দ্র দাসৰ নেতৃত্বত উক্ত কাৰ্যসূচীত বিজেপিৰ কেন্দ্রীয় উপ-সভাপতি তথা বিধানসভা নির্বাচনৰ প্ৰভাৰী বৈজয়ন্তা জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জী আৰ ৰবীন্দ্ৰ ৰাজু, বিধানসভা নির্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক তথা সাংসদ প্রদান বৰুৱা, সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মা আৰু পল্লৱ লোচন দাস, কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।
আজিৰ প্ৰচাৰিত খণ্ডটোৰ আৰম্ভণিতে দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা কৃত্রিম বুদ্ধিমত্তা সম্মিলনৰ পৰা আৰম্ভ কৰি, অংগদানেৰে মানৱ সমাজ তথা বিজ্ঞানৰ উৎকৰ্ষ সাধন বিশ্বৰ বিভিন্ন দেশৰ হৈ ক্ৰীড়া ক্ষেত্রত নেতৃত্ব লোৱা ভাৰতীয় মূলৰ খেলুৱৈ, কৃষি খণ্ডৰ আধুনিক পদ্ধতি আদিৰ বিষয়ে বিস্তাৰিতভাৱে প্রধানমন্ত্রী গৰাকীয়ে উল্লেখ কৰে।
কিছুদিন পূর্বে কেৰেলাৰ এগৰাকী ১০ মহীয়া শিশু এলিন শ্বেৰিণ আব্রাহামে নিজৰ দেহৰ অংগদানেৰে বিশ্বৰ ভিতৰতে আটাইতকৈ কম বয়সীয়া অংগদান কৰা ব্যক্তি হোৱাৰ গৌৰৱ অর্জন কৰিছে। মৃত্যুৰ পিছতো অংগদানেৰে সহস্ৰজনৰ জীৱন ৰক্ষা কৰা ঈশ্বৰৰ দূত স্বৰূপ এইসকল ব্যক্তিক প্রধানমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাৰতবৰ্ষৰ লোককো অংগদানৰ দৰে মহৎ কার্যত আত্মনিয়োগ কৰিবলৈ অনুৰোধ কৰে।
আগন্তুক ফাকুৱা উৎসৱৰ পৰিপ্ৰেক্ষিতত দেশৰ জনসাধাৰণক ৰঙৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্রধানমন্ত্রী গৰাকীয়ে ল'কেল ফ'ৰ ভোকেল শ্লোগানেৰে স্বদেশীভাবে উৎপাদিত সামগ্ৰী ব্যৱহাৰৰ বাবে দেশবাসীক আহ্বান কৰে বুলি বিজেপিৰ জ্যেষ্ঠ মুখপাত্র ব্রজেন মহন্তই উল্লেখ কৰে।
উল্লেখযোগ্য যে বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪৩৩ টা মণ্ডলৰ অন্তৰ্গত প্রায় ২৭ হাজাৰ বুথত একেলগে ৫ লক্ষাধিক কার্যকর্তাই মন কি বাত শ্রৱণ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ