হোজাই আৰক্ষীৰ অব্যাহত ড্ৰাগছ বিৰোধী অভিযান
হোজাই আৰক্ষীৰ অব্যাহত ড্ৰাগছ বিৰোধী অভিযান।
হোজাই আৰক্ষীৰ অব্যাহত ড্ৰাগছ বিৰোধী অভিযান


হোজাই, ২২ ফেব্ৰুৱাৰী (হি.স.): হোজাই আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। হোজাই আৰক্ষীয়ে যোৱা কালি শনিবাৰে নিশা গোপন সূত্ৰৰ পম খেদি জামুহণ্ডলৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

জামুহণ্ডলৰ আবুল ভূঞা নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰে উক্ত ড্ৰাগছখিনি। অভিযানত জব্দ ৯০ টাকৈ ড্ৰাগছভৰ্ত্তি কনটেইনাৰ, দুটাকৈ চাবোন কেছ ভৰ্ত্তি ড্ৰাগছ, কেইবালাখ টকাৰ জালনোট, দুটা মোবাইল ফোনৰ লগতে বৃহৎ পৰিমাণৰ খালি কনটেইনাৰ। আৰক্ষীৰ অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সৰহবৰাহকাৰী। ঘটনাৰ লগত জড়িত কোনো ব্যক্তিক আটক কৰিব পৰা নাই আৰক্ষীয়ে। ইতিমধ্যে হোজাই আৰক্ষীয়ে জব্দকৃত ড্ৰাগছ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande