
কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামস্থিত শক্তি আশ্ৰমত বজৰং দলৰ এখন নতুন গোটৰ বিধিগতভাৱে গঠন সম্পন্ন কৰা হৈছে। ফকিৰাগ্ৰাম স্থিত শিৱ মন্দিৰৰ প্ৰাঙ্গণত কালি সন্ধিয়া অনুষ্ঠিত এই কাৰ্যসূচীৰ সভাপতিত্ব কৰে বিশ্ব হিন্দু পৰিষদ শক্তি আশ্ৰম গোটৰ সভাপতি প্ৰদীপ নাৰায়ণ দেৱে।এই উপলক্ষে মুঠ ৩১ জন সদস্যক লৈ বজৰং দলৰ গোটখন গঠন কৰা হয়। সাংগঠনিক কাঠামো অনুসৰি সৌৰভ দে’ক সংযোজক হিচাপে নিযুক্ত কৰা হয়, আৰু বাবুল শীল আৰু শিৱা দেৱনাথক সহ-সংযোজকৰ দায়িত্ব অৰ্পণ কৰা হয়। অনুষ্ঠানত বজৰং দলৰ ধুবুৰী বিভাগীয় সংযোজক বিজয় প্ৰকাশ ৰামে সংগঠনৰ গঠনমূলক কাঠামোৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কয় যে, শক্তিশালী সংগঠনেই সামাজিক আৰু সাংস্কৃতিক কাম-কাজসমূহ সুচাৰুৰূপে আগবঢ়াবলৈ সক্ষম হয়। সীমান্ত চেতনা মঞ্চৰ সম্পর্ক প্ৰমুখ প্ৰধান অৰবিন্দ শীলে ‘বৌদ্ধিক’ অধিৱেশনত হিন্দুত্ব আৰু সমকালীন হিন্দু সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে।
এই অনুষ্ঠানত বজৰং দল কোকৰাঝাৰ জিলা সংযোজক নাৰায়ণ বৈষ্ণৱ, বিশ্ব হিন্দু পৰিষদ ফকিৰাগ্ৰাম গোটৰ সম্পাদক গৌতম চৰকাৰ (বাপন), বিশ্ব হিন্দু পৰিষদ কোকৰাঝাৰ জিলা উপ-সভাপতি কাৰ্তিক ভৌমিক আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ শক্তি আশ্ৰম গোটৰ কৰ্মী পৱন গিৰি উপস্থিত থাকে। ইয়াৰ উপৰি বহু গণ্যমান্য ব্যক্তি আৰু সংগঠনৰ কৰ্মীসকলেও উপস্থিত থাকি কাৰ্যসূচীটো সফল কৰি তোলে।অনুষ্ঠানৰ অন্তত নবগঠিত গোটৰ পদাধিকাৰীসকলে সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপক অধিক শক্তিশালী ৰূপে আগবঢ়োৱাৰ লগতে সংগঠনক তৃণমূল স্তৰত সুদৃঢ় কৰাৰ সংকল্প গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ