
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ যোগাযোগ ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (এলজিবিআইএ) নতুন টাৰ্মিনেলটোত আজি সন্ধিয়াৰ পৰা বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হৈছে।
বাণিজ্যিক কাৰ্যকলাপৰ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমান বন্দৰ পৰিচালনাকাৰী প্ৰতিষ্ঠান আদানী এয়াৰপ’ৰ্ট হ’ল্ডিংছ লিমিটেড (এএএইচ্চএল)ৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকে।
প্ৰথমগৰাকী যাত্ৰীক আনুষ্ঠানিক ব’ৰ্ডিং পাছ প্ৰদান আৰু মুম্বাইৰ পৰা অহা আকাশ এয়াৰৰ এখন বিমান নতুন টাৰ্মিনেলটোত অৱতৰণ কৰাৰ জৰিয়তে এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়।
ইয়াৰ ফলত বিমান বন্দৰটোৰ বাৰ্ষিক যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি পাইছে আৰু দক্ষিণ তথা দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ অত্যাধুনিক উত্তৰ-পূবৰ বিমান পৰিবহণৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ স্থিতি আৰু অধিক সুদৃঢ় হৈ পৰিছে।
থলুৱা স্থাপত্যশৈলীৰে নিৰ্মিত এই ডিজাইনত অসমৰ কপৌ ফুল, ভলুকা বাঁহ আৰু অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতিৰ বাঁহ-ভিত্তিক নিৰ্মাণৰ পৰম্পৰাৰ সংমিশ্ৰণ কৰা হৈছে।
দেশৰ ১০ম ব্যস্ততম বিমান বন্দৰটোৰ পৰা বৰ্তমান ২১ টা ঘৰুৱা আৰু ৩ টা আন্তঃৰাষ্ট্ৰীয় পথত বিমান চলাচল কৰে।
পূৰ্ণ পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ পূৰ্বে, টাৰ্মিনেলটো সম্পূৰ্ণৰূপে মুকলি কৰি নিদি পৰ্যায়ক্ৰমিক নিৰীক্ষণ আৰু বাস্তৱিক কাম-কাজ পৰিচালনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সক্ৰিয় কৰি তোলা হৈছে। ইয়াৰ অংশস্বৰূপে চেক-ইন, বেগ হেণ্ডলিং, নিৰাপত্তা আৰু এয়াৰক্ৰাফ্ট টাৰ্ণএৰাউণ্ড আদিৰ লাইভ ট্ৰায়েল কৰা হৈছে। বিগত বৰ্ষৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাৰ্মিনেলটো উদ্বোধন কৰিছিল।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ