নাজিৰাত কুঁহিয়াৰ খেতি আৰু গুৰ প্ৰস্তুত কৰি ১১ জনকৈ ব্যক্তিয়ে দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি
শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী (হি.স.) । শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ আমগুৰি ডিব্ৰুৱাল গাঁৱত থলুৱা গুৰ প্ৰস্তুত কৰি স্বাবলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ১১ জনকৈ ব্যক্তিয়ে। কুঁহিয়াৰ খেতি আৰু গুৰ প্ৰস্তুত কৰি ১১ জনকৈ ব্যক্তিয়ে দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি ৷ আমগু
নাজিৰাত কুঁহিয়াৰ খেতি আৰু গুৰ প্ৰস্তুত কৰি ১১ জনকৈ ব্যক্তিয়ে দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি


শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী (হি.স.) । শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ আমগুৰি ডিব্ৰুৱাল গাঁৱত থলুৱা গুৰ প্ৰস্তুত কৰি স্বাবলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ১১ জনকৈ ব্যক্তিয়ে। কুঁহিয়াৰ খেতি আৰু গুৰ প্ৰস্তুত কৰি ১১ জনকৈ ব্যক্তিয়ে দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি ৷

আমগুৰিৰ সমীপৰ বৰশয়ক ডিব্ৰুৱাল গাঁৱৰ ১১ টাকৈ পৰিয়ালৰ ১১ জন ব্যক্তি সংগঠিত হৈ প্ৰথম বাৰৰ বাবে ৫ বিঘা ভূমিত কুঁহিয়াৰ খেতি কৰি দেখুৱাইছে এই নিদৰ্শন ৷ কুঁহিয়াৰ খেতিয়ে থলুৱা গুৰ প্ৰস্তুত কৰি গ্ৰামাঞ্চলত হেৰাই যাব ধৰা থলুৱা উদ্যোগটোক জীয়াই ৰখাৰ চেষ্টা এইসকল ব্যক্তিৰ।

অসমৰ গ্ৰামাঞ্চলৰ পৰা বিশেষকৈ শিৱসাগৰ জিলাত হেৰাই যাব ধৰা এই পৌৰাণিক গুৰ প্ৰস্তুত কৰা পদ্ধতি প্ৰয়োগ কৰি পুনৰ অৰ্থনৈতিক ভেঁটি টনকিয়াল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ব্যক্তি কেইগৰাকীয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande