ভূমিপট্টা প্ৰদানক লৈ উৎফুল্লিত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ বাসিন্দা
শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভূমিপট্টা প্ৰদানক লৈ উৎফুল্লিত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ বাসিন্দাসকল ৷ ১৯৭৩ চনতেই বসতি স্থাপন কৰা এই ৰাইজ সকলে ইয়াৰ বাবে চিৰ কৃতজ্ঞতা ব্য়ক্ত কৰিছে ডিমৌ সমষ্টিৰ বিধায়কৰ লগতে মুখ্যমন্ত্ৰীগৰাকী প্ৰতি ৷ মুঠ ২৪৭ টাকৈ প
ভূমিপট্টা প্ৰদানক লৈ উৎফুল্লিত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ বাসিন্দা


শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভূমিপট্টা প্ৰদানক লৈ উৎফুল্লিত শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ বাসিন্দাসকল ৷ ১৯৭৩ চনতেই বসতি স্থাপন কৰা এই ৰাইজ সকলে ইয়াৰ বাবে চিৰ কৃতজ্ঞতা ব্য়ক্ত কৰিছে ডিমৌ সমষ্টিৰ বিধায়কৰ লগতে মুখ্যমন্ত্ৰীগৰাকী প্ৰতি ৷ মুঠ ২৪৭ টাকৈ পৰিয়ালে লাভ কৰিব ভূমি পট্টা ৷ ২,৫৬৯ বিঘা ভূমি পট্টা লাভ কৰিব ভাধৰা কৃষিপাম নিগমৰ স্থানীয় বাসিন্দাই ৷

উল্লেখ্য় যে ১৯৭৩ চনত শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰয়াত প্ৰমোদ গগৈৰ দিনত ২,৫৬৯ বিঘা ভূমিত স্থাপন হৈছিল শিৱসাগৰ ভাধৰা কৃষিপাম নিগম ৷ প্ৰায় ২০২১ চনত বন্ধ হৈ পৰে এই কৃষি পাম নিগম। ইয়াৰ পিছতেই ছন পৰি ৰয় ২,৫৬৯ বিঘা কৃষি ভূমি ৷ এতিয়া যেন আশাাৰ ৰেঙণি ঘূৰি আহিছে শিৱসাগৰ ভাধৰা কৃষিপাম নিগমৰ ৰাইজলৈ ৷

উৎফুল্লিত হৈ পৰিছে শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগমৰ ৰাইজ ৷ সমষ্টিৰ পুনৰনিৰ্ধাৰণ পিছতেই শিৱসাগৰ সমষ্টিৰ পৰা ডিমৌ সমষ্টিত অন্তভুক্ত হৈছিল শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগম ৷ ইয়াৰ পিছতেই ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক আবেদন কৰিছিল ভূমিপট্টা প্ৰদানৰ বাবে, লগতে বিধায়ক সুশান্ত বৰগোহাঁইয়ে ৰাইজক ভূমি পট্টা লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ আৰু সেই আবেদন, প্ৰতিশ্ৰুতি বিধায়ক সুশান্ত বৰগোহাঁইয়ে পূৰণ কৰাক লৈ উৎফুল্লিত শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগমৰ স্থানীয় ৰাইজ ৷

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক সুশান্ত বৰগোহাঁইক ধন্যবাদ জ্ঞাপন কৰিলে শিৱসাগৰ ভাধৰা কৃষিপাম নিগমৰ ৰাইজে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande