
গুৱাহাটী,২২ ফেব্ৰুৱাৰী(হি.স.)। গুৱাহাটী মহানগৰী বৰ্তমান সাধাৰণ ৰাইজৰ জীৱনৰ কোনো নিৰাপত্তা নহোৱা হৈছে। মহানগৰীৰ নাৰেংগীত এজন সাধাৰণ লোক হত্যাকাণ্ডৰ বলী হয়। মহানগৰীৰ নাৰেংগীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কলনীত নৃশংস হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ বাবেই নৃশংস হত্যাকাণ্ড। হত্যাকাণ্ডৰ বলি হোৱা লোক জন হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী শচীন দাস।
পত্নীয়ে হত্যা কৰাৰ অভিযোগ। গুপ্তাঙ্গ কাটি হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্ব-গৃহতে পত্নীৰ আক্ৰমণত নিহত হই শচীন দাস নামৰ এগৰাকী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী। প্ৰতিবেশীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ ঘাটক পত্নীক আটক কৰে আৰু আৰক্ষী থানালৈ নি সোধাপোচা আৰম্ভ কৰে। আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar