মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ ‘প্ৰণৱ বৰুৱা শিল্পী’ বঁটা প্ৰদান
নগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.)। নগাঁৱত আজি ‘প্ৰণৱ বৰুৱা শিল্পী’ বঁটা প্ৰদান কৰা হয় । মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ আগবঢ়োৱা হৈছে এই বঁটা। চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা আৱদানৰ বাবে প্ৰদান কৰা হয় এই বঁটা। নগাঁৱৰ প্ৰণৱ বৰুৱা
মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ ‘প্ৰণৱ বৰুৱা শিল্পী’ বঁটা প্ৰদান


নগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.)। নগাঁৱত আজি ‘প্ৰণৱ বৰুৱা শিল্পী’ বঁটা প্ৰদান কৰা হয় । মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ আগবঢ়োৱা হৈছে এই বঁটা।

চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা আৱদানৰ বাবে প্ৰদান কৰা হয় এই বঁটা। নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ প্ৰদান কৰা হয় বঁটাটো। বঁটা গ্ৰহণ কৰি বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰি উৎফুল্লিত হৈ পৰে।

উল্লেখ্য যে ২০০২ চনৰে পৰা চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত উত্তৰ-পূৰ্বাঞ্চলৰ চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা শিল্পীলৈ প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয় ।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ প্ৰয়াগ শইকীয়া আৰু নগাঁও সাংস্কৃতিক সংগঠক কল্লোলৰ সম্পাদক নৌচাদ আখটাৰ হাজৰিকাই।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande