
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। যাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা ৰূপে, উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অধীনস্থ ডিমাপুৰ ৰেলৱে ষ্টেচনক ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ (এফএছএছএআই) ৰ দ্বাৰা প্ৰতিষ্ঠিত “ইট ৰাইট ষ্টেচন” প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। এই ষ্টেচনে এফএছএছএআইৰ নিৰ্ধাৰিত নীতি-নিৰ্দেশনা অনুসৰি যোগ্যতা অৰ্জন কৰিছে আৰু ২৪ অক্টোবৰ ২০২৫ ৰ পৰা ২৩ অক্টোবৰ ২০২৭ লৈকে সময়ৰ বাবে এই প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হৈছে।
এনএফআৰৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে এই স্বীকৃতি ষ্টেচনৰ ফুড ষ্টল, কেটাৰিং ইউনিট আৰু খাদ্য পৰিবেশকসকলৰ এক বিস্তৃত অডিটৰ পিছত প্ৰদান কৰা হয় যাতে কঠোৰভাৱে খাদ্য সুৰক্ষা মানদণ্ড, স্বাস্থ্যসন্মতভাৱে খাদ্য প্ৰস্তুতি, নিৰাপদ সংৰক্ষণ পদ্ধতি, সঠিক বৰ্জ্য ব্যৱস্থাপনা আৰু যাত্ৰীসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ উপলব্ধতা নিশ্চিত কৰিব পৰা যায়।
আন এক গৌৰৱময় সাফল্যৰ দিশত, উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ আলিপুৰদুৱাৰ মণ্ডলৰ অধীনস্থ চাৰিটা ষ্টেচনকো এফএছএছএআইৰ দ্বাৰা “ইট ৰাইট ষ্টেচন” প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে, যিয়ে নিৰ্ধাৰিত খাদ্য সুৰক্ষা আৰু স্বাস্থ্যবিধিৰ মানদণ্ড পূৰণ কৰিছে। এই ষ্টেচনসমূহ হ’ল- আলিপুৰদুৱাৰ ৰেলৱে ষ্টেচন, কোকৰাঝাৰ ৰেলৱে ষ্টেচন, গোলকগঞ্জ ৰেলৱে ষ্টেচন আৰু নিউ মাল জংচন ৰেলৱে ষ্টেচন।
এই প্ৰমাণপত্ৰই ৰেলৱে বিষয়াবৰ্গ, স্বাস্থ্য পৰিদৰ্শক, কেটাৰিং ইউনিট, অনুমোদিত বিক্ৰেতা আৰু ষ্টেচন ব্যৱস্থাপনা টীমৰ পাৰস্পৰিক সমৰ্পিত প্ৰচেষ্টাকে প্ৰতিফলিত কৰে, যিসকলে ঘনিষ্ঠ সমন্বয়ৰে পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ এক উচ্চ মানদণ্ড বজাই ৰাখিবলৈ সেৱা আগবঢ়াই আহিছে।
“ইট ৰাইট ষ্টেচন” পদক্ষেপ হৈছে এফএছএছএআইৰ ৰাষ্ট্ৰজোৰা “ইট ৰাইট ইণ্ডিয়া অভিযানৰ অংশ, যিয়ে নিৰাপদ, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্য অভ্যাসক প্ৰসাৰিত কৰে। উত্তৰ-পূৱ সীমান্ত ৰেলৱেই যাত্ৰী সুবিধাসমূহ অহৰহ উন্নত কৰি ৰখাৰ প্ৰতি দায়বদ্ধ লগতে ইয়াৰ সকলো ষ্টেচনতে মানসম্পন্ন, নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য উপলব্ধ কৰি ৰখাৰ প্ৰতিশ্ৰুতি বাহাল ৰাখিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ