কোকৰাঝাৰত মেগা মাৰাথন ৰেলী
কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। শান্তিৰ কামনাৰে বিটিচিৰ সদৰ কোকৰাঝাৰত কাহিলী পুৱাই মেগা মাৰাথন ৰেলীৰ শুভাৰম্ভ৷ এনচিচিৰ উদ্যোগত আৰু বিটিচি প্ৰশাসনৰ তথা জেনেচিচ ইভেন্ট মেনেজমেন্টৰ সহযোগত দেওবাৰে আয়োজন কৰা হয় মেগা মাৰাথন ৰেলী৷ কোকৰাঝাৰ চহৰৰ তিতাগুড়িৰ
কোকৰাঝাৰত মেগা মাৰাথন ৰেলী


কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। শান্তিৰ কামনাৰে বিটিচিৰ সদৰ কোকৰাঝাৰত কাহিলী পুৱাই মেগা মাৰাথন ৰেলীৰ শুভাৰম্ভ৷ এনচিচিৰ উদ্যোগত আৰু বিটিচি প্ৰশাসনৰ তথা জেনেচিচ ইভেন্ট মেনেজমেন্টৰ সহযোগত দেওবাৰে আয়োজন কৰা হয় মেগা মাৰাথন ৰেলী৷ কোকৰাঝাৰ চহৰৰ তিতাগুড়িৰ কঠালগুৰি ছাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা মেগা মাৰাথন ৰেলী পতাকা জোকাৰি শুভ উদ্বোধন কৰে এনচিচিৰ উত্তৰ -পূৰ্বাঞ্চলৰ এডিজি অনুৰাগ ভিজ আৰু বিআৰপিএলৰ এক্সিকিউটিভ ডিৰেক্টৰ তথা ৰিফাইনাৰী হেড এন.কে.বৰুৱাই৷

সংবাদ মাধ্যমৰ আগত এনচিচিৰ এডিজি ভিজে জানিব দিয়ে শান্তিৰ মেগা মাৰাথন ৰেলীত উত্তৰ-পূৰ্বাঞ্চলৰ সাত খন ৰাজ্যৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা তিনি সহস্ৰাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে৷ উল্লেখ্য যে মুঠ চাৰিটা পৰ্যায় ক্ৰমে বিয়াল্লিশ কিলোমিটাৰৰ ফুল মাৰাথান,একৈশ আৰু আৰু দহ কিলোমিটাৰ হাফ মাৰাথনৰ লগতে পাঁচ কিলোমিটাৰ ফান ৰানৰ আয়োজন কৰা হৈছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande