টিংখাঙত দুৰ্বৃত্তই কাটি লৈ গ’ল বিদ্য়ুৎ বিভাগৰ হাই-ভল্টেজ বৈদ্যুতিক তাৰ
ডিব্ৰুগড়, ২২ ফেব্ৰুৱাৰী (হি.স.)। টিংখাং সমষ্টিৰ ২ নং কেছেৰুগুৰিত যোৱা নিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে অঞ্চলটোৰ পৰা বহু পৰিমাণৰ এ ই জি চি এল-ৰ হাই-ভল্টেজ বৈদ্যুতিক তাৰ কাটি চুৰি কৰি লৈ যায়। উক্ত এ ই জি চি এল-ৰ হাই-ভল্টেজ বৈদ্যুতিক তাৰত বিদ্যুৎ যো
টিংখাঙত দুৰ্বৃত্তই কাটি লৈ গ’ল বিদ্য়ুৎ বিভাগৰ হাই-ভল্টেজ বৈদ্যুতিক তাৰ


ডিব্ৰুগড়, ২২ ফেব্ৰুৱাৰী (হি.স.)। টিংখাং সমষ্টিৰ ২ নং কেছেৰুগুৰিত যোৱা নিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে অঞ্চলটোৰ পৰা বহু পৰিমাণৰ এ ই জি চি এল-ৰ হাই-ভল্টেজ বৈদ্যুতিক তাৰ কাটি চুৰি কৰি লৈ যায়। উক্ত এ ই জি চি এল-ৰ হাই-ভল্টেজ বৈদ্যুতিক তাৰত বিদ্যুৎ যোগান বন্ধ হৈ আছিল । ইয়াৰে সুবিধা লৈ চোৰে কাটি লৈ গ'ল বৈদ্যুতিক তাঁৰ।

পৰিকল্পিতভাৱে গধুৰ তাৰসমূহ নিবলৈ দুৰ্বৃত্তই বাহনৰ ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বেও সমীপৱৰ্তী বগাদাদ অঞ্চলতো একে ধৰণৰ চুৰিকাণ্ড সংঘটিত হৈছিল। ইতিমধ্যে আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইটোৰ পিছত সিটো চুৰিকাণ্ডই এতিয়া শংকিত কৰি তুলিছে টিংখাংবাসীক। ৰাইজৰ এটাই দাবী— অতি শীঘ্ৰে চিনাক্ত কৰক দোষীক আৰু প্ৰদান কৰক কঠোৰ শাস্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande