
-নমো ভাৰত আৰ আৰ টি এছ আৰু দিল্লী-মেৰঠ কৰিডৰ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত
মেৰুট, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম উত্তৰ প্ৰদেশৰ মেৰঠত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি কংগ্ৰেছ দলৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে কংগ্ৰেছ দল আৰু ইয়াৰ পৰিৱেশ তন্ত্ৰই ভাৰতত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ এ আই ইমপেক্ট ছামিটক তেওঁলোকৰ “লেতেৰা আৰু উলংগ ৰাজনীতি”ৰ মঞ্চলৈ ৰূপান্তৰিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লীত অনুষ্ঠিত হোৱা এআই ইমপেক্ট ছামিটত ৮০খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে ভাৰত ভ্ৰমণ কৰিছিল। তেওঁ মেৰঠৰ জনসাধাৰণক এই বিশ্ব সন্মিলনখনক লৈ গৌৰৱ কৰে নে নকৰে বুলি প্ৰশ্ন কৰে। এই অনুষ্ঠানক লৈ সমগ্ৰ দেশ গৌৰৱ অনুভৱ কৰিছিল যদিও বিদেশী অতিথিৰ সন্মুখত অৰ্ধ উলংগ হৈ দেশৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছিল কংগ্ৰেছ দলে। তেওঁ কয়, দেশখনে জানে যে আপুনি (কংগ্ৰেছ) ইতিমধ্যে উলংগ, গতিকে কাপোৰ খুলি দিয়াৰ প্ৰয়োজন কিয় আছিল? ইয়াৰ দ্বাৰা কংগ্ৰেছ দলৰ মতাদৰ্শগত দেউলীয়া হোৱাৰ প্ৰতিফলন ঘটিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এআই গ্ল’বেল ছামিট কোনো দলীয় অনুষ্ঠান নহয় বৰঞ্চ ৰাষ্ট্ৰীয় অনুষ্ঠানহে আছিল। কংগ্ৰেছ দলে ভাৰতক বদনাম কৰাত নিয়োজিত হৈ দেশৰ সাফল্য হজম কৰিবলৈ অক্ষম বুলি অভিযোগ কৰে।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত ৰেপিড ৰে’ল (আৰআৰটিএছ) সেৱা আৰম্ভ কৰাৰ লগতে সমগ্ৰ দিল্লী-মেৰঠ নমো ভাৰত কৰিড’ৰ আৰু মেৰঠ মেট্ৰ’ (মেৰঠ দক্ষিণ-মোদীপুৰম) দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে একেখন মঞ্চৰ পৰাই নমো ভাৰত ৰেপিড ৰে’ল আৰু মেট্ৰ’ সেৱা উদ্বোধন কৰা হৈছে, যিয়ে উন্নত ভাৰতৰ আধুনিক সংযোগক প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশত প্ৰথমবাৰৰ বাবে একেটা ষ্টেচনতে আৰু একেটা ট্ৰেকতে নমো ভাৰত আৰু মেট্ৰ’ ৰে’ল চলি আছিল। শৰাই কালেখাঁ, আনন্দ বিহাৰ, গাজিয়াবাদ, আৰু মেৰঠ ষ্টেচনত ভাৰতীয় ৰেলৱে, মেট্ৰ’, আৰু বাছ টাৰ্মিনেল সংযোগ কৰা হৈছে, যাৰ ফলত যাত্ৰীসকলে চহৰৰ ভিতৰত আৰু দিল্লীলৈ নিৰৱচ্ছিন্ন যাত্ৰাৰ সুবিধা লাভ কৰিছে।
তেওঁ উল্লেখ কৰে যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ কৰ্ম সংস্কৃতি আছে যে যি প্ৰতিটো প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়, সময়মতে সম্পূৰ্ণ কৰা। এতিয়া আগৰ দৰে প্ৰকল্পবোৰত পলম হোৱা নাই। তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে মেট্ৰ’ সেৱা দেশৰ পাঁচখন চহৰতে সীমাবদ্ধ আছিল। আজি ২৫খনতকৈও অধিক চহৰত মেট্ৰ’ সেৱা চলি আছে, যাৰ ফলত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্ক হৈ পৰিছে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে নমো ভাৰত ৰেপিড ৰে’ল মহিলাৰ শক্তিৰো প্ৰতীক, য’ত বৃহৎ সংখ্যক মহিলাই ৰে’ল পৰিচালক, ষ্টেচন নিয়ন্ত্ৰণ কৰ্মচাৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত কাম কৰে। তেওঁ কয় যে মেৰঠ, হাপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহে চৌধুৰী চৰণ সিংহৰ দৃষ্টি নিবিড়ভাৱে প্ৰত্যক্ষ কৰিছে আৰু তেওঁৰ চৰকাৰে তেওঁক ভাৰতৰত্ন প্ৰদান কৰাৰ সৌভাগ্য হৈছিল।
তেওঁ কয় যে উত্তৰ প্ৰদেশৰ কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত এতিয়ালৈকে প্ৰায় ₹৯৫,০০০ কোটি টকা লাভ কৰিছে। দেশবাসীক তীব্ৰবেগী, জামমুক্ত, প্ৰদূষণমুক্ত যাতায়তৰ ব্যৱস্থা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বিজেপি চৰকাৰ।
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উন্নত দেশসমূহে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ আগ্ৰহী কাৰণ তেওঁলোকে ভাৰতৰ যুৱ শক্তি আৰু উন্নয়নত নিজৰ ভৱিষ্যত দেখিছে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ দিনত কেলেংকাৰিৰ বাবে বিশ্বই ভাৰতৰ সৈতে চুক্তি কৰিবলৈ কুণ্ঠাবোধ কৰিছিল, আনহাতে আজি ভাৰত একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ সমাধান প্ৰদান কৰা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ