
তামুলপুৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ এইবেলি তামুলপুৰত অহা ৫ আৰু ৬ ব'হাগ( ১৯ আৰু ২০ এপ্ৰিল )ত অনুষ্ঠিত হ'ব ৷ ৫০ হাজাৰ লোকৰ সমাগমেৰে অনুষ্ঠিত হ'বলগীয়া এই বাঁহ গোসাঁই উৎসৱত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিজ্ঞ ব্যক্তিৰ অংশগ্ৰহণ আশা কৰা হৈছে ৷
আজি মূল সমিতিৰ সৈতে হোৱা ১৭ টা উপ সমিতিৰ বৈঠকত দায়িত্ব সমূহ ভগাই দিয়া হয় ৷ অহা ৫ মাৰ্চত এক মাংগলিক পৰিৱেশত বৰনগৰ স্থিত খেল পথাৰত উৎসৱৰ লাইখুটা স্থাপন কৰা হ'ব ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু