কলকাতাৰ কালিঘাটত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ প্ৰাৰ্থনা
কলকাতা, ২২ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় নেতাৰ বংগ ভ্ৰমণ বৃদ্ধি পাইছে। ইফালে দেওবাৰে পুৱা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কলকাতাৰ বিখ্যাত কালিঘাট কালি মন্দিৰত দেৱী কালীৰ ও
कालीघाट में दिल्ली की मुख्यमंत्री रेखा गुप्ता


कालीघाट में दिल्ली की मुख्यमंत्री रेखा गुप्ता


কলকাতা, ২২ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় নেতাৰ বংগ ভ্ৰমণ বৃদ্ধি পাইছে। ইফালে দেওবাৰে পুৱা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কলকাতাৰ বিখ্যাত কালিঘাট কালি মন্দিৰত দেৱী কালীৰ ওচৰত প্ৰাৰ্থনা কৰে।

ৰাতিপুৱাই কালিঘাট মন্দিৰত উপস্থিত হোৱা ৰেখা গুপ্তাই পাতল গোলাপী ৰঙৰ শাৰী পৰিধান কৰা থকা দেখা গৈছে। কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁ মন্দিৰত প্ৰৱেশ কৰি দেৱী কালিৰ যাৱতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰৰে। মন্দিৰ চৌহদত মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে স্বাভাৱিকতে ৰাজনৈতিক মহলত আলোচনাৰ সূচনা কৰিছিল।

ৰাজনৈতিক বিশ্লেষকসকলে প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে যে এই ভ্ৰমণ কেৱল ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত নে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যেৰে। সাংবাদিকসকলে তেওঁক সোধাত তেওঁ হাঁহি হাঁহি কোনো ধৰণৰ ৰাজনৈতিক মন্তব্যৰ পৰা আঁতৰি থাকে।

ৰাজ্যিক বিজেপিৰ সূত্ৰ অনুসৰি ৰেখা গুপ্তাই দেওবাৰে বিয়লি কলকাতাৰ বিজ্ঞান চহৰ প্ৰেক্ষাগৃহত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত মহিলা সন্মিলনতো অংশগ্ৰহণ কৰে। এই সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দেৱশ্ৰী চৌধুৰীকে ধৰি কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।

ৰাজনৈতিক বিশ্লেষকসকলে কয় যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় নেতাসকলে সঘনাই বংগলৈ যোৱাটো কোনো কাকতলীয়া কথা নহয়। এয়া কেৱল সৌজন্যমূলক ভ্ৰমণ নে বৃহত্তৰ নিৰ্বাচনী কৌশলৰ অংশ সেইটো সময়তহে উত্তৰ পোৱা যাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande