
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ সংবাদ জগতৰ মহীৰূহ বুলি গণ্য কৰা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আজি দেওবাৰে পুৱা ৭:৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ ৯৭ বছৰ বয়স হৈছিল । চক্ৰৱৰ্তী আছিল অসমৰ সংবাদ মাধ্যমৰ এজন অতিশয় সন্মানীয় ব্যক্তি। কেৱল এজন সাংবাদিকেই নহয় এজন তীক্ষ্ণ সম্পাদক আৰু প্ৰখ্যাত সাহিত্যিক আছিল। দীৰ্ঘদিন ধৰি অসমৰ বৌদ্ধিক সমাজৰ নেতৃত্ব দিয়া চক্ৰৱৰ্তীৰ বিয়োগ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি।
প্ৰয়াত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সাংবাদিক জীৱন গভীৰভাৱে প্ৰেৰণাদায়ক আছিল। তেওঁক এছিয়াৰ আটাইতকৈ পুৰণি সক্ৰিয় সম্পাদক হিচাপে গণ্য কৰা হৈছিল। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ থমকি ৰোৱা নাছিল। ১৯৯১ চনত চৰকাৰী সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত আজিৰ বাতৰি কাকতত সম্পাদক হিচাপে যোগদান কৰি সক্ৰিয় জীৱন অব্যাহত ৰাখিছিল। ইয়াৰ উপৰিও দৈনিক অসম, দৈনিক জনমভূমি আৰু শেষত সাপ্তাহিক প্ৰাগজ্যোতিষ আদি সন্মানীয় আলোচনীৰ সম্পাদক হিচাপে কাম কৰি অসমীয়া সংবাদ খণ্ডলৈ তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
সাংবাদিকতালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰে ২০১৯ চনত তেওঁক গণৰাজ্য দিৱসৰ সন্মানীয় সাংবাদিকতা বঁটাৰে সন্মানিত কৰে। সংবাদ সেৱাকে ধৰি বিভিন্ন সামাজিক আৰু সাহিত্যিক কাম-কাজৰ লগত গভীৰভাৱে জড়িত আছিল। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ আদৰ্শ আৰু অৱদান আগন্তুক বছৰবোৰতো অসমীয়া সাংবাদিকসকলক পথ প্ৰদৰ্শন কৰি থাকিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ