যোগীঘোপাত ৰাইজে ধৰিলে বাৰটাকৈ পশুধন
যোগীঘোপাত ৰাইজে ধৰিলে বাৰটাকৈ পশুধন ।
যোগীঘোপাত ৰাইজে ধৰিলে বাৰটাকৈ পশুধন


বঙাইগাঁও ২২ ফেব্ৰুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপাত যোৱা কালি শনিবাৰে নিশা ৰাইজে ধৰিলে বাৰটাকৈ পশুধন । যোগীঘোপাৰ শাকোমুৰাত নিশা চোৰাংকৈ গৰু সৰবৰাহ কৰাৰ সন্দেহত আটক কৰা পশুধন চমজাই দিয়ে আৰক্ষীক ।

বাসুগাঁও বজাৰৰ পৰা বেপাৰীয়ে বৈধভাৱে ক্ৰয় কৰি গাঁৱৰ মাজেৰে খোজকঢ়াই আনিছিল পশুধনকেইটা ।উক্ত পশুধন চোৰাংকৈ নি থকা বুলি সন্দেহ কৰি শাকোমুৰা গাঁৱৰ একাংশ যুৱকে আটক কৰে । বেপাৰী গৰাকীয়ে বাসুগাঁৱৰ পৰা ক্ৰয় কৰি বৰপেটাৰ বাঘবৰ বজাৰলৈ নি থকা অৱস্থাত একাংশ যুৱকে আটক কৰিছিল যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত আৰক্ষীক চমজাই দিয়ে পশুধন কেইটা ।

ইপিনে পশু ধন কেইটাৰ বৈধ নথি-পত্ৰ থকা বুলি দাবী কৰে বেপাৰী গৰাকীয়ে। এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰি আটক কৰা পশুধন কেইটাকলৈ স্থানীয় ৰাইজ দোধোৰমোধৰ অৱস্থাত পৰা পৰিলক্ষিত হৈছে । অৱশ্যে এই সম্পৰ্কে যোগীঘোপা আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande