
নতুন দিল্লী, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় এ মহিলা ক্ৰিকেট দলে এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰছ ২০২৬ খিতাপ দখল কৰিছে। দেওবাৰে বেংককৰ টেৰ্ডথাই ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইণ্ডিয়া এয়ে ৪৬ ৰানৰ বিস্তৃত ব্যৱধানত পৰাস্ত কৰে।
খেলখনত প্ৰথম বেটিং কৰি ভাৰতীয় এ মহিলা দলটোৱে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত বাংলাদেশে ১৯.১ অভাৰত ৮৮ ৰান সংগ্ৰহ কৰি অল আউট হয়।
টছত জয়ী হৈ খিতাপৰ মেচখনত প্ৰথমে বেটিং বাছি লৈ ভাৰতীয় এ মহিলা দলটোৱে লাহে লাহে আৰম্ভণি কৰে। দলটোৱে ৫ অভাৰত ৩০ ৰান সংযোজন কৰে। ষষ্ঠ অভাৰত দলটোৰ প্ৰথমটো উইকেট পৰিল। বৃন্দা দীনেশ ১৯ ৰাণত আউট হয়। পৰৱৰ্তী অভাৰত দুজন ভাৰতীয় বেটছমেনক আউট কৰা হয়। অভাৰৰ প্ৰথম বলত নন্দিনী কাশ্যপ ৰান আউট হয়। দ্বিতীয় বলত এক ৰাণ নকৰাকৈয়ে আউট হ’ল মিন্নু মণি। নন্দিনীয়ে ৮ ৰান সংগ্ৰহ কৰে। দলৰ ৪৪ ৰানত অনুষ্কা শৰ্মাইও ৮ ৰান সংগ্ৰহ কৰি আউট হয়।
ভাৰতীয় টপ অৰ্ডাৰ থৰক বৰক কৰাৰ পিছত তেজল হাছাবনিছ আৰু অধিনায়ক ৰাধা যাদৱে ইনিংছ স্থিৰ কৰে। দুয়োগৰাকী খেলুৱৈয়ে ধৈৰ্য্য প্ৰদৰ্শন কৰি সুন্দৰ বেটিং কৰি দলৰ স্ক’ৰ ১০০ৰ ওপৰলৈ লৈ যায়। কিন্তু ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি থকা অৱস্থাত কেচ আউট হয় ৰাধা যাদৱ। অধিনায়কগৰাকীয়ে ৩০টা বলত ৩৬ ৰান সংগ্ৰহ কৰি তিনিটা চাৰি আৰু এটা ছয় ৰান সংগ্ৰহ কৰে। তেজলে অৰ্ধশতক অৰ্জন কৰি দলটোৰ স্ক’ৰ ৭ উইকেটত ১৩৪ ৰানলৈ বৃদ্ধি কৰে। তেওঁ ৩৪টা বলত ৫১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে, য’ত তিনিটা চাৰি আৰু দুটা ছয় আছিল। তনুজা কানৱাৰে এক ৰান আৰু প্ৰেমা ৰাৱটে চাৰি ৰানৰ বৰঙণি আগবঢ়ায়।
বাংলাদেশ এৰ হৈ ফাহিমা খাতুনে সৰ্বাধিক ৪টা উইকেট দখল কৰে। ফাতিমা জাহান আৰু ফাৰ্জানা ইছমিনে এটাকৈ উইকেট দখল কৰে।
লক্ষ্য খেদি খেদি বাংলাদেশ এ মহিলা দলটোৱে ১৩ ৰানত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । ইছমা তানজিমে তিনি ৰান কৰি আউট হয়। ইয়াৰ পাছতে ছামিমা চুলতানা আৰু ছাৰমিন চুলতানাই ইনিংছটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰে যদিও সপ্তম অভাৰত ছামিমাকো আউট হয়। ছামিমাই ১৬টা বলত ২০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছাৰমিনে ১৮ ৰান কৰি আউট হয়।
ইয়াৰ পিছতে নিয়মীয়া ব্যৱধানত বাংলাদেশৰ বেটছমেনসকলে উইকেট হেৰুৱাইছিল। লতা মণ্ডল (১), সাদিয়া আখতাৰ (১০), অধিনায়ক ফাহিমা খাতুন (১৪), ফাৰ্জানা ইছমিন (৬), সঞ্জিদা আখতাৰ মেঘলা (৫), আৰু ফাতিমা জাহান ছোনিয়া (১)। ফাইনেল অভাৰৰ প্ৰথম বলত শ্বোৰিফা খাতুন (৯)ৰ পতনৰ লগে লগে বাংলাদেশে ৮৮ ৰানত অল আউট হয়।
ভাৰতৰ হৈ প্ৰেমা ৰাৱটে ৩টা উইকেট দখল কৰাৰ বিপৰীতে তনুজা কানৱাৰ আৰু ছোনিয়া মেন্ধিয়াই দুটাকৈ উইকেট দখল কৰে। অধিনায়ক ৰাধা যাদৱ, ছাইমা ঠাকুৰ, আৰু মিন্নু মণিয়ে এটাকৈ উইকেট দখল কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া