বাক্সাৰ শান্তিপুৰত কৃষি পথাৰত খাৰুৱা তেলৰ সন্ধানত অএনজিচিৰ খনন কাৰ্য
বাক্সা, ২২ ফেব্ৰুৱাৰী (হি.স.)। ধমধমাৰ নিকটৱৰ্তী বাক্সাৰ শান্তিপুৰত কৃষি পথাৰত খাৰুৱা তেলৰ সন্ধানত অএনজিচি এ চলাইছে খনন কাৰ্য। অএনজিচি ৰ মানচিত্ৰত ধমধমাৰ নিকটৱৰ্তী ঠাই শান্তিপুৰ, অসমৰ খাৰুৱা তেল পোৱা ঠাই সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত হবলৈ গৈ আছে । ই
বাক্সাৰ শান্তিপুৰত কৃষি পথাৰত খাৰুৱা তেলৰ সন্ধানত অএনজিচিৰ খনন কাৰ্য


বাক্সা, ২২ ফেব্ৰুৱাৰী (হি.স.)। ধমধমাৰ নিকটৱৰ্তী বাক্সাৰ শান্তিপুৰত কৃষি পথাৰত খাৰুৱা তেলৰ সন্ধানত অএনজিচি এ চলাইছে খনন কাৰ্য।

অএনজিচি ৰ মানচিত্ৰত ধমধমাৰ নিকটৱৰ্তী ঠাই শান্তিপুৰ, অসমৰ খাৰুৱা তেল পোৱা ঠাই সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত হবলৈ গৈ আছে ।

ইতিমধ্যে অএনজিচ য়ে শান্তিপুৰ গাঁৱৰ প্ৰায় ৩৫ বিঘা মাটি সামৰি লৈ খনন কাৰ্য্য চলোৱাৰ বাবে ব্যাপক প্ৰস্তুতি কৰি আছে।

বিভাগীয়ভাৱে কেইবা বছৰৰ পৰীক্ষা নিৰীক্ষাৰ অন্তত কৃষিপথাৰ খনত খাৰুৱা তেল থকাৰ তথ্যপ্ৰমাণিত হোৱাত এনেকৈ খনন কৰিবলৈ বিভিন্ন যন্ত্ৰ পাতি স্থাপন কৰা হৈছে। কৃষিভূমি সমূহ গৃহস্থৰ সৈতে অএনজিচিএ বুজা পৰা কৰি লৈ এনেদৰে দিনে নিশাই কাম কৰি আছে।

অএনজিচএ উক্ত স্থান ডোখৰৰ পৰা খাৰুৱা তেল উলিয়াবলৈ সক্ষম হ'লে বৃহত্তৰ অঞ্চলটো আৰ্থ-সামাজিক দিশত আগবাঢ়িব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande