
তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰী (হি.স.)। তিনিচুকীয়াৰ বৰডুবি অন্তৰ্গত কেহাং চাহ বাগিচাৰ চীনা পট্টি নেপালী লাইনত কালি নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। চাহ শ্ৰমিকৰ বাগানৰ কোৱাৰ্টাৰৰ এটা বাসগৃহত হঠাতে লাগিল ভয়ংকৰ অগ্নিকাণ্ড। প্ৰাথমিক তথ্য অনুসৰি বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
এই অগ্নিকাণ্ডত দীপক নায়ক নামৰ এজন ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। ঘৰত থকা গুৰুত্বপূৰ্ণ সামগ্ৰী, আচবাবপত্ৰ সকলো জ্বলি ছাই হয়।ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰডুবি আৰক্ষী আৰু তিনিচুকীয়া অগ্নি নিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজেও অগ্নি নিৰ্বাপন কাৰ্যত সক্ৰিয় সহযোগিতা আগবঢ়ায়।
উক্ত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বহু হাজাৰ টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। সৌভাগ্যবশতঃ কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই, যদিও সম্পূৰ্ণ বাসগৃহটো ধ্বংসপ্ৰাপ্ত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ