
গোলাঘাট, ২২ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱত ধুমুহাই তাণ্ডৱ ৰ সৃষ্টি কৰিছে।
এজাক ধুমুহাই আজি দেৰগাঁৱৰ চকিয়াল বাঘবাৰী গাঁও, আমনি পাম, কছাৰীপাম কাষৰীয়া আদিকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিগ্ৰস্ত কৰি অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি তচনচ কৰে । এই কালৰূপী ধুমুহা-বতাহে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি পেলাইছে । ফাগুনৰ এই ধুমুহাই অঞ্চলটোত আজি ব্য়াপক ক্ষতিসাধন কৰাৰ লগতে আতংকৰ সৃষ্টি কৰে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু