নেঘেৰীবিলত ৫৯ টা পৰিয়াললৈ বাসগৃহ খালী কৰাৰ জাননী প্ৰেৰণ বন বিভাগ, চি আৰ পি এফ আৰু আৰক্ষীৰ
গোলাঘাট, ২২ফেব্ৰুৱাৰী (হি.স.)। অসম চৰকাৰৰ বন বিভাগে অবৈধ বেদখলৰ সন্দৰ্ভত সৰুপথাৰৰ উৰিয়ামঘাটৰ লগতে মেৰাপানীৰ ২ নং নেঘেৰীবিলত উচ্ছেদ চলোৱাৰ পাছত দেওবাৰে পুনৰ নেঘেৰীবিলত বন বিভাগ, চি আৰ পি এফ আৰু আৰক্ষীয়ে ৫৯ টা পৰিয়াললৈ বাসগৃহ সমূহ খালী কৰাৰ জাননী প্ৰ
নেঘেৰীবিলত ৫৯ টা পৰিয়াললৈ বাসগৃহ খালী কৰাৰ জাননী প্ৰেৰণ বন বিভাগ, চি আৰ পি এফ আৰু আৰক্ষীৰ


গোলাঘাট, ২২ফেব্ৰুৱাৰী (হি.স.)। অসম চৰকাৰৰ বন বিভাগে অবৈধ বেদখলৰ সন্দৰ্ভত সৰুপথাৰৰ উৰিয়ামঘাটৰ লগতে মেৰাপানীৰ ২ নং নেঘেৰীবিলত উচ্ছেদ চলোৱাৰ পাছত দেওবাৰে পুনৰ নেঘেৰীবিলত বন বিভাগ, চি আৰ পি এফ আৰু আৰক্ষীয়ে ৫৯ টা পৰিয়াললৈ বাসগৃহ সমূহ খালী কৰাৰ জাননী প্ৰেৰণ কৰিছে। বিগত ২০২৫ বৰ্ষৰ ৮ আগষ্টত বন বিভাগে মেৰাপানীৰ ২ নং নেঘেৰীবিলৰ ২০৫ পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছতে ২ নং নেঘেৰীবিলৰ ৫৯ টা আৰু উৰিয়ামঘাটৰ ১১ টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থগিতাদেশৰ বাবে আবেদন দাখিল কৰিছিল।

ইয়াৰ পৰিপেক্ষিত পৰৱৰ্তী সময়ত উক্ত গোচৰটোৰ সন্দৰ্ভত দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে গোচৰটোৰ শুনানী গ্ৰহণ কৰি যোৱা ১০ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ বন বিভাগৰ সপক্ষে ৰায়দান কৰে। সেইমৰ্মে অসম চৰকাৰৰ বন বিভাগৰ গোলাঘাট বন সংমণ্ডলে যোৱা ২১ ফেব্ৰুৱাৰীত গোলাঘাট বন সংমণ্ডল বিষয়াৰ স্বাক্ষৰিত জাননী প্ৰদান কৰি পুনৰ ৭ দিনৰ বাবে বেদখলকৃত ভূমি খালি কৰাৰ নিৰ্দেশ দিয়ে। বন বিভাগে জাৰি কৰা এই জাননী বহু লোকে গ্ৰহণ কৰি স্বাক্ষৰ কৰিবলৈ অমান্তি হৈছিল যদিও প্ৰশাসনৰ লোকে তেওঁলোকৰ বাসগৃহ সমূহত জাননী পত্ৰ আঁৰি দিয়াৰ লগতে একাংশই বন বিভাগৰ জাননী গ্ৰহণ কৰে। উল্লেখ্য যে, উচ্চতম ন্যায়লায়ৰ নিৰ্দেশনাৰ পাছত জাননী লাভ কৰা কোনো পৰিয়ালে অহা সাতদিনৰ ভিতৰত পুনৰ আপীল নকৰিলে অচিৰেই ৰাজ্যৰ বন বিভাগে উল্লেখিত স্থানত উচ্ছেদ চলাব বুলি জানিবলৈ দিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande