গৌৰীপুৰৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি
গৌৰীপুৰৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি গৌৰীপুৰত চাঞ্চল্যৰ সৃষ্টি।
গৌৰীপুৰৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি


ধুবুৰী, ২২ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৱা কালি শনিবাৰে বিয়লি গৌৰীপুৰত চাঞ্চল্যৰ সৃষ্টি হয়। যুৱক জন গৌৰীপুৰৰ মলাতীখামাৰ বাসিন্দা আছিল।

জানিব পৰামতে জৰিপ উদ্দিন সেখ নামৰ যুৱকজনক কাম কৰিবলৈ লক্ষীমপুৰ লৈ গৈছিল। আইজুৰ হক নামৰ মানুহ এজনে যুৱক জনক লক্ষীমপুৰ লৈ কাম কৰিবলৈ লয় যায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকৰ সন্দেহ অনুসৰি কাম কৰিবলৈ লৈ যোৱা আইজুৰ হকে জৰীপ উদ্দিন শেখক হত্যা কৰে । ইতিমধ্যে যুৱকজনৰ মৃতদেহটো চাৰযোগী পাৰাৰ দোলা সেখ নামৰ ঠিকাদাৰ জনে নিজৰ ঘৰত লৈ আহে, যদিও মৃত্যু হোৱা যুৱকজনক পৰিয়ালৰ লোকক চমজাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে যুৱক জনৰ পৰিয়ালে। মাতৃয়ে নিজৰ লৰাৰ মৃত্যুদেহটো চমজাই দিয়াৰ কথা কোৱাত, ঠিকাদাৰ দোলা সেখ আৰু তেখেতৰ পৰিয়ালৰ লোকে মিলি মাৰপিট কৰি জবৰদস্তি চহী কৰায় বুলি মৃত জৰিপ উদ্দিন সেখৰ মাতৃয়ে অভিযোগ উত্থাপন কৰে।এতিয়া পৰিয়ালৰ লোকে নিজৰ লৰাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি গৌৰীপুৰ আৰক্ষীৰ ওচৰত ন্যায় বিচাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande