
শ্রীভুমি, ২২ফেব্ৰুৱাৰী (হি.স.)। ৰেল আৰক্ষীৰ ডাঙৰ সফলতা। ৮০ লাখ টকাৰ সোণৰ বিস্কুটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ। বদৰপুৰ ৰেল ষ্টেচনত ১৫৬২৬ নং দেওঘৰ সাপ্তাহিক এক্সপ্ৰেছ ৰে’ল খনৰ নিয়মীয়া তালাচীৰ সময়ত ৰে’ল আৰক্ষীয়ে অভিজিৎ দেৱনাথ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁৰ পৰা পাঁচখন সোণৰ বিস্কুট উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা সোণৰ বিস্কুটৰ ওজন ৫৮৪.০৪ গ্ৰাম। ধৃত অভিজিৎ দেৱনাথৰ ঘৰ জিলা-পশ্চিম ত্ৰিপুৰাৰ থানা-ৰাণী বজাৰৰ মাজলিশপুৰৰ হৰি চৌধুৰী পাৰাত। অভিজিৎ দেৱনাথে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ উদ্দেশ্য আনিছিল সোণৰ বিস্কুট কেইখন। ৰে’ল আৰক্ষীৰ তথ্য অনুসৰি সোণৰ বিস্কুট কেইখনৰ আনুমানিক বজাৰ মূল্য ৮০ লাখ টকা হব। ইতিমধ্যে ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা