গোগামুখত শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু বহুমুখী ভৱনত থকা মাল্টিজিম কেন্দ্ৰ উন্মোচন
লক্ষীমপুৰ, ২২ফেব্ৰুৱাৰী (হি.স.)। গোগামুখত শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু বহুমুখী ভৱনত থকা মাল্টিজিম কেন্দ্ৰ উন্মোচন। আজি শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে গোগামুখত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। গোগামুখৰ আবতানি লত্তাত অৱস্
গোগামুখত শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু বহুমুখী ভৱনত থকা মাল্টিজিম কেন্দ্ৰ উন্মোচন


লক্ষীমপুৰ, ২২ফেব্ৰুৱাৰী (হি.স.)। গোগামুখত শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু বহুমুখী ভৱনত থকা মাল্টিজিম কেন্দ্ৰ উন্মোচন। আজি শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে গোগামুখত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। গোগামুখৰ আবতানি লত্তাত অৱস্থিত বহুমুখী ভৱনত থকা মাল্টিজীম কেন্দ্র আৰু যোগ কেন্দ্ৰৰ (Yoga Centre) লগতে টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ ওপৰত নৱ নিৰ্মিত মিনি থিয়েটাৰ সভাকক্ষ (Mini Theatre Hall) ৰ শুভ উদ্বোধন কৰে অসমৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডা: ৰণোজ পেগুৱে।

দীৰ্ঘ দিনৰ পৰা গোগামুখত প্ৰয়োজন হৈ থকা শৰীৰ চৰ্চা কেন্দ্ৰ উন্মোচন কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে গোগামুখৰ যুৱ সমাজে শৰীৰ চৰ্চা কৰি নিজৰ স্বাস্থ্য অক্ষুণ্ণ ৰাখিব পাৰিব লগতে ১০০ খন আসনযুক্ত মিনি থিয়েটাৰে বহু কেইটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে।

সভাত উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,ই এম ৰাজু পেগুৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande