নগাঁওবাসীয়ে লাভ কৰিব চিটি বাছ সেৱা
নগাঁওবাসীয়ে লাভ কৰিব চিটি বাছ সেৱা
নগাঁওবাসীয়ে লাভ কৰিব চিটি বাছ সেৱা


নগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.): নগাঁও বাসীৰ বাবে সুখবৰ ৷ নগৰবাসীৰ যাতায়তৰ ক্ষেত্ৰত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ । অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা নগাঁওবাসীয়ে লাভ কৰিব চিটি বাছ সেৱা ৷ অহা ২৫ ফেব্ৰুৱাৰীত ঐতিহ্যমণ্ডিত নেহৰুবালিৰ বাকৰিৰ পৰা পৰীক্ষামূলক ভাৱে আৰম্ভ হ'ব এই চিটি বাছ সেৱা।

নগাঁও বাসীৰ সহযোগিতা থাকিলে এই সেৱা স্থায়ী ভাবে অব্যাহত ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব দিয়ে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। প্ৰথম পৰ্যায়ত নগাঁৱত আৰম্ভ হ'বলগীয়া চিটি বাছ সেৱাৰ স্থান সমূহ ক্ৰমে ১)কঠিয়াতলীৰ পৰা আৰম্ভ কৰি বৰঘাট-মৰিকলঙৰে ক্ল’ক টাৱাৰ হৈমেট্ৰ হাস্পতাল ৷ ২) ডিমৌ অভাৰব্ৰীজৰ পৰা আৰম্ভ কৰি নগাঁও মেডিকেল কলেজ হাস্পতালৰ সন্মুখেৰে ৰূপহীহাট বজাৰলৈ ৷ ৩) বেবেজীয়াৰ পৰা নগাঁও ষ্টেডিয়াম মাৰ্কেটৰ সন্মুখেৰে পুৰণিগুদামৰ লৈ যাতায়ত কৰিব ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande