লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
লামডিংত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


হোজাই, ২২ ফেব্ৰুৱাৰী (হি.স.): হোজাই জিলাৰ লামডিঙত যোৱা কালি শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । লামডিংৰ সমাজবাৰী ৱাৰ্ড নং ০৯ বাবুল কুমাৰ লোধ নামৰ ব্যক্তি গৰাকী ঘৰত এই অগ্নিকাণ্ডৰ জুই লগা ঘটনা সংঘটিত হয়।

স্থানীয় ৰাইজৰ মতে, বৰুন ৰয় নামৰ এজন ব্যক্তিয়ে এই ভয়ংকৰ ঘটনাটি সংঘটিত কৰি পলায়ন কৰে।পৰিয়ালটো আনৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল। স্থানীয় ৰাইজৰ সহযোগিতাত এই জুই নিয়ন্ত্ৰণ হয়। লামডিঙ আৰক্ষীয়ে পলায়ন কৰা বৰুন ৰয় নামৰ ব্যক্তিগৰাকীক আটক কৰে । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande