
ধুবুৰী, ২২ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱত যোৱ কালি নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। গাওঁ খনত ছয়টাকৈ পৰিয়ালৰ ৪টা বাসগৃহত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে।
গাওঁ খনৰ আজাহাৰ আলী, ছুৰত জামাল, ছৈয়দ বাদশা, মনোৱাৰ হুছেইন, আয়মনা খাতুন আৰু সিৰাজুল হক নামৰ লোক কেইজনৰ ঘৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত ৬ টা পৰিয়ালৰ বাসগৃহত মজুত থকা নগদ ধনৰ লগতে ধান চাউল আদিকে ধৰি ৪০ লক্ষাধিক টকাৰ প্ৰয়োজনীয় নথি পত্ৰ সহ জুইত ভস্মীভূত হয়। আজাহাৰ আলীৰ কন্যাৰ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট সহ সকলো কিতাপ- পত্ৰ জুইত ভস্মীভূত হয়। কান্দোনত ভাগি পৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীজনীয়ে।
ঘটনা স্থলীত বিলাসীপাৰা পৰা দুটাকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাৰ বাবেই বিস্তাৰ ক্ষতি সাধন হোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ