ধিঙৰ খৈৰামাৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা
ধিঙৰ খৈৰামাৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা।
ধিঙৰ খৈৰামাৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা


নগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.): পবিত্ৰ ৰমজান মাহত যোৱা কালি শনিবাৰে নিশা ধিঙৰ খৈৰামাৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।মছজিদত নামাজ পঢ়ি থকা অৱস্থাত এজন যুৱকে আন এজন যুৱকক চিকূটাৰ বাবেই সংঘটিত হয় লংকা কাণ্ড ।

নামাজ শেষ কৰি ঘৰলৈ গৈ থকা অৱস্থাত পুনৰ দুই যুৱকৰ পৰিয়ালে হাতে হাতে দা লাখুটি লৈ মাৰপিটত লিপ্ত হয় । মাৰপিটত দুয়োপক্ষৰ মহিলা সহ ৬ জন লোক গুৰুতৰ ভাৱে আঘাতপ্রাপ্ত হয়। আটাইকেইজনক ধিং এফ আৰ ইউত ভৰ্তি কৰে যদিও চাৰি জনৰ অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে। আঘাতপ্ৰাপ্ত কেইজনৰ নাম মেৰাজুল ইছলাম, ৰফিকুল ইছলাম, মানিকুল ইছলাম, আনোৱাৰা বেগম,ছাকিব হাচান আৰু নুৰ আলম হাছান বুলি জনা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande