মৈৰাবাৰীৰ ভেলৌগুৰিত ভূমি সংক্রান্তীয় বিবাদৰ বাবে প্ৰাণ নাশৰ চেষ্টা: গুৰুতৰ বাবে আহত এজন
মৈৰাবাৰীৰ ভেলৌগুৰিত ভূমি সংক্রান্তীয় বিবাদৰ বাবে প্ৰাণ নাশৰ চেষ্টা: গুৰুতৰ বাবে আহত এজন।
মৈৰাবাৰীৰ ভেলৌগুৰিত ভূমি সংক্রান্তীয় বিবাদৰ বাবে প্ৰাণ নাশৰ চেষ্টা: গুৰুতৰ বাবে আহত এজন


মৰিগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ভেলৌগুৰিত যোৱা কালি শনিবাৰে বিয়লি ভূমি সংক্রান্তীয় বিবাদৰ বাবে মাৰপিটৰ ঘটনা সংঘটিত হয়। এই গঘটনাত গুৰুতৰ বাবে আহত হয় এজন লোক। চাইফুল ইছলাম নামৰ লোকজনক গুণ্ডা বাহিনীয়ে প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

দা, লাখুটি, ৰড,চোকা অশ্ৰৰে আক্ৰমণ চাইফুল ইছলামক। ৰাইজ মেল চলি থকা অৱস্থাতে আক্ৰমণ কৰে গুণ্ডা বাহিনীয়ে। আক্ৰমণত গুৰুতৰ বাবে আহত হোৱাত চাইফুল ইছলামক ইতিমধ্যে গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে। আক্ৰমণকাৰী কেইজন ক্ৰমে চফিকুল ইছলাম, দিদাৰুল ইছলাম, ইনামূল হক, ইয়াহিয়া আলম আৰু নজমূল হক বুলি চিনাক্ত কৰা হৈছে।এই সন্দৰ্ভত ভুক্তভোগীয়ে ভেলৌগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।এজাহাৰৰ ভিত্তিত ইতিমধ্যে তিনিজনক আৰক্ষীয়ে তিনিজনক আটক কৰিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande