
ধুবুৰী, ২২ফেব্ৰুৱাৰী (হি.স.)। গোলকগঞ্জত টাটা মেক্সিমো যাত্ৰীবাহী বাহন সহ ৮ টাকৈ চোৰাং গৰু জব্দ। গোলকগঞ্জত আৰক্ষীয়ে জব্দ কৰে বাহন সহ গৰু কেইটা। এজনক আটক । যাত্ৰীবাহী টাটা মেক্সিমো বাহনেৰে চোৰাং গৰু সৰবৰাহ। ধৰা পৰিল গোলকগঞ্জ আৰক্ষীৰ জালত। গোলকগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৮ টাকৈ গৰু।
প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ আধাৰত আজি পুৱাই গোলোকগঞ্জৰ ৰতিয়াদহৰ বেৰিকেটত আৰক্ষীয়ে আগমনিৰ পৰা ধুবুৰী অভিমুখি এএছ ১৯ এচি ৫৫১৮ নম্বৰৰ টাটা মেক্সিমো বাহন খন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বাহন খন তীব্ৰ বেগত গৌৰীপুৰ অভিমুখে যাত্ৰা কৰে। পিছে পিছে খেদি যায় গোলকগঞ্জ আৰক্ষী।
পিছত বাহন খন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ ৰায়পুৰ দ্বিতীয়খণ্ডত প্ৰৱেশ কৰে। কিন্তু ৰাইজে আগভেটি ধৰাত চালকে বাহন খন ৰখাই পলায়ন কৰে। কিন্ত ৰাইজে খেদি খেদি চালক জনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। বাহন খনৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ৮ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। চালক জনক বঙাইগাঁও জিলাৰ মেৰেৰ চৰৰ নাবিৰ হুছেইন বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা