

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু প্রাক্তন সাধাৰণ সম্পাদক ড০ সঞ্জু বৰুৱাই আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দলটোৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত আনুষ্ঠানিকভাবে যোগদান কৰে। উক্ত যোগদান কার্যসূচীত বিজেপিৰ কেন্দ্রীয় উপ-সভাপতি তথা বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী বৈজয়ন্তা জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জী আৰ ৰবীন্দ্ৰ ৰাজু, বিধানসভা নির্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক তথা সাংসদ প্রদান বৰুৱা, কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।
যোগদান কার্যসূচীত দিলীপ শইকীয়াই ভাষণ প্ৰসংগত কয় যে ভুপেন বৰাৰ যোগদানে বিজেপিৰ শক্তি বৃদ্ধি কৰিব। সাংগঠনিক দিশত দক্ষতা আৰু অভিজ্ঞতা সম্পন্ন প্রাক্তন সভাপতি গৰাকীয়ে বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ ১৪ কোটি কাৰ্যকৰ্তাৰে পৰিপূৰ্ণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী সৈনিকে দেশ মাতৃৰ বাবে ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি আহিছে আৰু অনাগত সময়তো আজিৰ যোগদান কৰা সমূহ নেতৃবৃন্দক দেশ মাতৃৰ সেৱাত ব্রতী হ'বলৈ বিজেপি ৰাজ্যিক সভাপতি গৰাকী আহ্বান জনায়।
আজি যোগদান কৰা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক সঞ্জু বৰুৱাই কয় যে সাংগঠনিক দিশৰ পৰা শক্তিশালী ভাৰতীয় জনতা পার্টিক আগন্তুক ৩০ বছৰলৈ অসমৰ শাসনৰ পৰা কোনো শক্তিৰে উৎখাত কৰাৰ সাহস নাই। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই সেৱাৰ মনোভাৱেৰেহে ভাৰতীয় জনতা পার্টিত যোগদান কৰা বুলি উল্লেখ কৰে।
অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা ৰাজ্যত অভূতপূর্ব উন্নয়নৰ ভূয়সী প্রসংসা কৰাৰ লগতে প্রাক্তন সভাপতি গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য আৰু উদ্দেশ্যৰ সফলতাৰ বাবে কাম কৰিব বুলি মত প্রকাশ কৰে। আজিৰ এই যোগদান কাৰ্যসূচীত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সহঃ মুখ্যকার্যবাহী বিষয়া স্বৰ্গনাৰায়ণ দেউৰী, প্রাক্তন সাধাৰণ সম্পাদক কংকন দাস, লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গগণ চন্দ্ৰ বৰা, চলচিত্র নির্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্রাপক মণিৰাম সিঙৰ সৈতে কেইবাগৰাকীও কংগ্ৰেছৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাৰ লগতে প্রায় ৫ শতাধিক কংগ্রেছ কর্মীয়ে আজি ভাৰতীয় জনতা পার্টিত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ