নলবাৰীৰ কৈঠালকুছিৰ পথাৰ নাট মেলাৰ আজি তৃতীয়দিন তথা অন্তিম দিন
নলবাৰী, ফেব্ৰুৱাৰী (হি.স.)। নলবাৰীৰ কৈঠালকুছিৰ পথাৰ নাট মেলাৰ আজি তৃতীয়দিন তথা অন্তিম দিন। সুনাগৰ ব্যতিক্ৰমি অনুষ্ঠান হৈছে পথাৰ নাট মেলা। নলবাৰীৰ কৈঠালকুছিৰ এই পথাৰ নাট মেলা এতিয়া হৈ পৰিছে বিশেষ আকৰ্ষণৰ স্থলি। দ্বাদশ বাৰ্ষিক পথাৰ নাট মেলাত এইবাৰ
নলবাৰীৰ কৈঠালকুছিৰ পথাৰ নাট মেলাৰ আজি তৃতীয়দিন তথা অন্তিম দিন


নলবাৰী, ফেব্ৰুৱাৰী (হি.স.)। নলবাৰীৰ কৈঠালকুছিৰ পথাৰ নাট মেলাৰ আজি তৃতীয়দিন তথা অন্তিম দিন। সুনাগৰ ব্যতিক্ৰমি অনুষ্ঠান হৈছে পথাৰ নাট মেলা। নলবাৰীৰ কৈঠালকুছিৰ এই পথাৰ নাট মেলা এতিয়া হৈ পৰিছে বিশেষ আকৰ্ষণৰ স্থলি। দ্বাদশ বাৰ্ষিক পথাৰ নাট মেলাত এইবাৰ নটাকৈ নাট্য দলে নাট পৰিবেশন কৰে। সম্পুৰ্ণ প্ৰাকৃতিক পৰিবেশত পথাৰত মুকলি মঞ্চত এক ব্যতিক্ৰম ৰূপত পৰিবেশন কৰা হয় নাটক।

গুৱাহাটীৰ লগতে নলবাৰী মহাবিদ্যালয় আৰু উদ্যান শস্য কৃষি বিশ্ববিদ্যালয়ৰ পৰাও নাট্য দলে অংশ গ্ৰহণ কৰে এই পথাৰ নাট মেলাত। পথাৰৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে প্লাষ্টিক বৰ্জন কৰা আৰু পথাৰক পূজা কৰা উদ্দেশ্যৰে আৰম্ভ কৰা সুনাগৰ এই পথাৰ নাট মেলাৰ আজি অন্তিম দিনত পাঁচটাকৈ নাট্যদলে নাট পৰিবেশন কৰে। মুকলি আকাশৰ তলত দিনৰ পোহৰত কৰা এই নাট মেলা সঁচা অৰ্থতে ব্যতিক্ৰম।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande