
কামৰূপ, ২২ ফেব্ৰুৱাৰী (হি.স.): ৰঙিয়া শান্তিপুৰ নিবাসী ডাঃ ধ্ৰুৱজ্যোতি কলিতাৰ (৪২) আকস্মিক বিয়োগ ঘটে। যোৱা কালি শনিবাৰে বিয়লি গুৱাহাটীৰ পৰা ৰঙিয়াৰ ঘৰলৈ ওভটাৰ পথত চাংসাৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত টেইলৰ গাড়ীৰে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে ধ্ৰুৱজ্যোতি কলিতাৰ মৃত্যু হয় । মৃতকৰ সময়ত তেওঁ পিতৃ,মাতৃ, ভাতৃ, পত্নী আৰু কন্যা সন্তান এজনীক ইহ সংসাৰত এৰি থৈ যায়।
ধ্ৰুৱজ্যোতি কলিতাৰ মৃত্যুত সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ৰবিন দাস, ৰঙিয়া মহকুমা প্ৰেছ এছ'চিয়েশ্বন, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতাই শোক প্ৰকাশ কৰি পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে লগতে ধ্ৰুৱজ্যোতি কলিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ